স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ :এটিপি ফাইনেলছ টুৰ্ণামেন্টৰ প্ৰথমখন মেচত গ্ৰীচৰ ষ্টেফানোছ টিছিটছিপাচক পৰাস্ত কৰে অষ্ট্ৰিয়াৰ ডমিনিক থিয়েমে ৷ বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ ডমিনিকে 7-6(5), 4-6, 6-3 ছেটত পৰাস্ত কৰে ষষ্ঠ ৰেংকিঙৰ ষ্টেফানোছক ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচত দুঘন্টা সোতৰ মিনিটৰ যুঁজত ষ্টেফানোছক পৰাস্ত কৰিবলৈ সক্ষম হয় থিয়েম ৷
উল্লেখ্য যে, যোৱা বছৰ এই টুৰ্ণামেন্টৰ ফাইনেলত ষ্টেফানোছৰ হাতত পৰাস্ত হৈছিল থিয়েম ৷ এইবছৰ সেই পৰাজয়ৰ পোতক তুলিবলৈ সক্ষম হয় থিয়েমে ৷ প্ৰথম দুটা ছেটত দুয়োগৰাকী প্ৰতিদ্বন্দীয়ে কঠিন যুঁজ দিয়ে যদিও তৃতীয় ছেটত থিয়েমে দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই মেচখন নিজৰ দখললৈ আনে ৷
মেচৰ অন্তত থিয়েমে কয়, "যোৱা চাৰি বছৰত মই অভিজ্ঞতা লাভ কৰিলো যে, টুৰ্ণামেন্টৰ প্ৰথমখন মেচত জয়ী হ'লেহে টুৰ্ণামেন্টৰ আৰম্ভণি ভাল হয় ৷ মই সুখী যে, সেয়া কৰিব পাৰিলো ৷"