স্পৰ্টছ ডেস্ক, 22 ছেপ্তেম্বৰ :ইউ এছ অ'পেনত অপ্ৰত্যাশিতভাৱে বাহিৰ হ'বলগা হোৱা বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ টেনিছ তাৰকা ন'ভাক জকভিচে সোমবাৰে দখল কৰে ইটালীয়ান অ'পেন ৷ এয়া জকভিচৰ পঞ্চমটো ইটালীয়ান অ'পেন ৷ ফাইনেলত জকভিচে আৰ্জেন্টিনাৰ ডিয়েগো স্বোৱাৰ্টজমেনক 7-5, 6-3 ছেটত পৰাস্ত কৰে৷ ইয়াৰ জৰিয়তে জকভিচে 36 সংখ্যক Masters 1000 খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷
জকভিচে কয়, "ইউ এছ অ'পেনৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হ'বলগা হোৱা বাবে চাৰি/পাঁচদিন ধৰি মানসিক অশান্তিত ভুগিছিলো ৷ মই আচৰিত হৈ পৰিছিলো ৷ কিন্তু মই তাৰ পৰা বাহিৰ হৈছো ৷ যিমান কষ্টকৰ নহ'লেও মই পৰৱৰ্তী দিনা পুনৰ ভাল চিন্তা কৰাৰ চেষ্টা কৰো আৰু আগবাঢ়ো ৷"