অসম

assam

ETV Bharat / sports

55 বছৰৰ পাছত পাকিস্তানৰ ভূমিত যাব ভাৰতীয় ডেভিছ কাপৰ দল

পাকিস্তান লৈ ৰাওনা হ’ব ভাৰতীয় ডেভিছ কাপৰ দল ! ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে জানিবলৈ দিছে যে, 55 বছৰৰ পাচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ডেভিছ কাপ দলটোক ছেপ্তেম্বৰ মাহত পাকিস্তানত খেলিবলৈ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ৷

By

Published : Jun 27, 2019, 6:10 PM IST

ডেভিছ কাপ

স্পৰ্টছ ডেস্ক, 27 জুনঃভাৰতীয় টেনিছ ক্ৰীড়াপ্ৰেমীলৈ আহিব পাৰে সুঃখবৰ ৷ পাকিস্তান লৈ ৰাওনা হ’ব পাৰে ভাৰতীয় ডেভিছ কাপৰ দল ৷ ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে জানিবলৈ দিয়ে যে,পাকিস্তানৰ ভূমিত পাকিস্তানৰ বিৰুদ্ধে 55 বছৰৰ পাচত ভাৰতৰ ডেভিছ কাপ দলটোক আগন্তুক ছেপ্তেম্বৰ মাহত খেলাৰ অনুমতি প্ৰদান কৰিব পাৰে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে ৷

উল্লেখ্য যে,ভাৰতীয় ডেভিছ কাপ দলটোৱে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল 1964 চনৰ মাৰ্চ মাহত ৷ ইপিনে লাহোৰত অনুষ্ঠিত হোৱা অন্তিম মেচখনত 4-0 ছেটত জয় লাভ কৰিছিল ভাৰতীয় দলটোৱে ৷

ৰোহন বোপান্না

এই সন্দৰ্ভত অল ইণ্ডিয়া টেনিছ এশ্বচিয়েছনৰ মহাসচিব হিৰণময় চেটাৰ্জীয়ে বুধবাৰে কয় যে,চৰকাৰক এখন লিখিত আবেদন দিয়া হৈছে ৷ আশা কৰা হৈছে চৰকাৰে অনুমতি প্ৰদান কৰিব আৰু এইবাৰ ভাৰতীয় দলটো পাকিস্তানলৈ ৰাওনা হ’ব ৷ কাৰণ এইয়া এক দ্বি-পাক্ষিক শৃংখলাই নহয়, এইয়া হৈছে এক বিশ্বকাপ ৷ যাৰ বাবে চৰকাৰে অনুমতি দিব বুলি উল্লেখ কৰে চেটাৰ্জীয়ে ৷ দুই এদিনতে এই বিষয়ে ঘোষণা কৰা হ’ব জানিবলৈ দিয়ে মহা সচিবজনে ৷

পাকিস্তান ফেডাৰেছনে ইতিমধ্যে ঘোষণা কৰিছে যে,ইছলামাবাদত অনুষ্ঠিত কৰা হ’ব টাই শৃংখলা ৷ টাইত বিজয় লাভ কৰা দলটোৱে প্ৰৱেশ কৰিব ৱৰ্ল্ড গ্ৰুপ কোৱালিফায়াৰ্ছত ৷ দুয়োখন দেশৰ মাজত অন্তিমবাৰৰ বাবে টাই অনুষ্ঠিত হৈছিল মুম্বাইত 2006 চনত ৷ য’ত ভাৰতে 3-2 ছেটত পৰাস্ত কৰিছিল পাকিস্তানক ৷ যদি চৰকাৰে অনুমতি প্ৰদান কৰে তেন্তে 13 বছৰৰ পাচত দুয়োটা দেশ পুনৰ বাৰ মুখামুখীত লিপ্ত হ’ব ৷

ABOUT THE AUTHOR

...view details