স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত ডেভিছ কাপৰ প্ৰথম মেচত পাকিস্তানৰ বিৰুদ্ধে 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় টেনিছ দলে ৷ প্ৰথম দিনাৰ দুয়োখন মেচত টেনিছ তাৰকা ৰামকুমাৰ ৰামানাথন আৰু সুমিত নাগালে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷
ৰামানাথনে পাকিস্তানৰ প্ৰতিদ্বন্দী মহম্মদ ছোৱেইবক 6-0, 6-0 ব্যৱধানত পৰাস্ত কৰে ৷ আনখন মেচত সুমিত নাগালে হুজাইফা আব্দুল ৰহমানক 6-0, 6-2 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷