অসম

assam

ETV Bharat / sports

সুদীৰ্ঘ 13 বছৰ পাচত সমুখ সমৰত ভাৰত-পাকিস্তান - শেষবাৰৰ বাবে মুম্বাইত মুখামুখি হৈছিল 2003 চনত

ভাৰত আৰু পাকিস্তানৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ডেভিছ কাপৰ প্ৰতিযোগিতা ৷ সুদীৰ্ঘ 13 টা বছৰ পাচত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব ডেভিছ কাপ প্ৰতিযোগিতা ৷

সুদীৰ্ঘ 13 বছৰ পাচত সম্মুখ সমৰত ভাৰত-পাকিস্তান
সুদীৰ্ঘ 13 বছৰ পাচত সম্মুখ সমৰত ভাৰত-পাকিস্তান

By

Published : Nov 29, 2019, 10:58 AM IST

স্পৰ্টছ ডেস্ক, 29 নৱেম্বৰ: সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই শুকুৰবাৰ অৰ্থাৎ আজিৰ পৰা অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মাজত ডেভিছ কাপ প্ৰতিযোগিতা ৷ সুদীৰ্ঘ 13 টা বছৰ পাচত প্ৰথমবাৰৰ বাবে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত ৷ কাজাখাস্তানৰ নুৰ চুলতান চহৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন ৷ ইয়াৰ পূৰ্বে দুয়োটা দলে শেষবাৰৰ বাবে মুম্বাইত মুখামুখি হৈছিল 2003 চনত ৷ য’ত 3-2 ব্যৱধানত জয় লাভ কৰিছিল ভাৰতে ৷

লিয়েণ্ডাৰ পেছ

এই প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত ৰাজপালে কয় যে, পাকিস্তানক ৱাইট ৱাছ কৰাৰ লক্ষ্য হ’ব ভাৰতৰ৷ যিহেতু পাকিস্তান দলটোত বহু যুৱখেলুৱৈৰে পৰিপূৰ্ণ ৷ ভাৰতীয় দলটোত আছে সুমিত নাগল, ৰামকুমাৰ ৰামনাথন, লিয়েণ্ডাৰ পেছৰ দৰে অভিজ্ঞ খেলুৱৈ ৷ অৱশ্যে পাকিস্তান দলৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে এছাম উল হক কুৰেচী আৰু অকিল খানে ৷ যাৰ বাবে প্ৰতিযোগিতাখনত যথেষ্ট শক্তিশালী হিচাপে পৰিগণিত হৈছে ভাৰতীয় দলটো ৷ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে দিনৰ 1 বাজি 30 মিনিটত আৰু শনিবাৰে 11 বাজি 30 মিনিটত অনুষ্ঠিত হ’ব মেচ সমূহ ৷

ডেভিছ কাপ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details