অসম

assam

ETV Bharat / sports

ডেনিল মেডভেডেভৰ দখলত এটিপি ফাইনেলছৰ খিতাপ - Daniil Medvedev battles past Dominic Thiem to win ATP Finals title

ডমিনিক থিয়েমক পৰাস্ত কৰি এটিপি ফাইনেলছৰ খিতাপ দখল ডেনিল মেডভেডেভৰ ৷ ডমিনিক থিয়েমক 4-6, 7-6(2), 6-4 ছেটত পৰাস্ত কৰে মেডভেডেভে ৷

এটিপি ফাইনেলছৰ খিতাপ
ডেনিল মেডভেডেভ

By

Published : Nov 23, 2020, 10:04 PM IST

স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ :কেৰিয়াৰৰ সৰ্বোচ্চ খিতাপ দখল কৰিলে ৰাছিয়াৰ ডেনিল মেডভেডেভে ৷ ইউএছ অ'পেনৰ চেম্পিয়ন ডমিনিক থিয়েমক পৰাস্ত কৰি এটিপি ফাইনেলছৰ খিতাপ দখল কৰে মেডভেডেভে ৷

ডেনিল মেডভেডেভ

দেওবাৰে অনুষ্ঠিত মেচত দুঘন্টা 43 মিনিটৰ যুঁজত 4-6, 7-6(2), 6-4 ছেটত জয়ী হয় 24 বৰ্ষীয় মেডভেডেভ ৷ মেচৰ অন্তত এটিপি ট্যুৰ ৱেবছাইটৰ জৰিয়তে মেডভেডেভে কয়, "মই সদায়ে এই মন্তব্য কৰো যে, যোৱা 12 বছৰ ধৰি লণ্ডনত অনুষ্ঠিত হৈ থকা এই টুৰ্ণামেন্টৰ প্ৰথমজন চেম্পিয়ন ৰাছিয়ান আৰু অন্তিমজন চেম্পিয়নো ৰাছিয়ান হ'লে ভাল লাগিব ৷"

উল্লেখ্য যে, 2009 চনত নিকোলে ডেবিডেংকোৰ পাচত এই চেম্পিয়নশ্বিপ দখল কৰা ৰাছিয়াৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মেডভেডেভ ৷

বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ থিয়েমে নিজ দেশৰ হৈ ছিংগলছ অথবা ডাবলছত প্ৰথমটো এটিপি ফাইনেলছ খিতাপ দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হ'বলৈ কঠোৰ যুঁজ দিয়ে ৷ যোৱা বছৰো ফাইনেলত তেওঁ টাই ব্ৰেকাৰৰ জৰিয়তে পৰাস্ত হৈছিল ষ্টেফানোছ টিছিটচিপাছৰ বিৰুদ্ধে ৷

লগতে পঢ়ক :17 ডিচেম্বৰত অনুষ্ঠিত হ’ব ফিফা(FIFA)ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান

ABOUT THE AUTHOR

...view details