অসম

assam

ETV Bharat / sports

লক ডাউনঃ দৰিদ্ৰৰ বাবে 1.25 কোটি টকা সংগ্ৰহ ছানিয়া মিৰ্জাৰ - Covid-19: Sania Mirza raises Rs 1.25 crore for People in Need During 21-Day Lockdown

কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ মাজতেই ভাৰতীয় টেনিছ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাৰ বিশেষ পদক্ষেপ। ২১ দিনায় লকডাউনত দৰিদ্ৰ লোকৰ বাবে অত্যাৱশকীয় সামগ্ৰীৰ বাবে টকা সংগ্ৰহ খেলুৱৈগৰাকীৰ ।

লকডাউনঃ দৰিদ্ৰৰ বাবে ২১ কোটি টকা সংগ্ৰহ ছানিয়া মিৰ্জাৰ
লকডাউনঃ দৰিদ্ৰৰ বাবে ২১ কোটি টকা সংগ্ৰহ ছানিয়া মিৰ্জাৰ

By

Published : Mar 31, 2020, 2:30 PM IST

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চঃ কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশত এতিয়া লকডাউন। যাৰ বাবে নানান সমস্যাত পৰিছে দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ লোক। এই দৰিদ্ৰ লোক সকলৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা। দৰিদ্ৰ লোকসকলৰ বাবে এটা সপ্তাহত সংগ্ৰহ কৰিছে ১.২৫ কোটি টকা। ২১ দিনীয়া লকডাউনত প্ৰায় ১ লাখ লোকক সকাহ দিব এই ধনৰাশীয়ে ।

টুইটাৰত প'ষ্ট শ্বেয়াৰ কৰি খেলুৱৈগৰাকীয়ে এই কথা সদৰী কৰে। যোৱা এসপ্তাহৰ পৰা সাহায্য যুগুত কৰাত ব্যস্ত হৈ পৰিছিল খেলুৱৈগৰাকী। লকডাউনৰ ফলত অতি নিম্ন শ্ৰেণীৰ লোকসকলে আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

বিগত সপ্তাহটো খেলুৱৈগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি ছাফা নামৰ সংস্থাটোত সহায় যোগিতাৰ আহ্বান কৰিছিল। ছানিয়াই লগতে কয়,এটা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ বিশ্ব। আমি ধন্য যে এই সময়ত ঘৰত সোমাই থাকিবলৈ পাইছো। কিন্তু এনে বহু লোক আছে যি আমাৰ দৰে সৌভাগ্য নহয়। এইয়া আমাৰ দায়িত্ব আমাৰ সামৰ্থ অনুযায়ী তেওঁলোকৰ শুশ্ৰষা কৰা। ছানিয়া মিৰ্জাৰ লগতে বহু খেলুৱৈ এই কঠিন সময়ত সহায়ৰৰ বাবে আগবাঢ়ি আহিছে ।

লগতে চাওক- 2022ত হ'ব বিশ্ব এথেলিটিকচ্ ছেম্পিয়নশ্বিপ

ABOUT THE AUTHOR

...view details