স্প’ৰ্টছ ডেস্ক, ২০ ডিচেম্বৰ: দেওবাৰে চীনা টেনিছ খেলুৱৈ পেং ছুৱায়ে স্পষ্ট কৰি দিয়ে যে, তেওঁ কেতিয়াও কোনো লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা নাই(Peng Shuai retracts sexual assault claims) । ছিংগাপুৰৰ বাতৰি কাকত লিয়ানহে জাওবাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খেলুৱৈগৰাকীয়ে কয় যে, তেওঁ কেতিয়াও ধৰ্ষণৰ বলি হোৱা বুলি কোনো লোকৰ বিষয়ে অভিযোগ উত্থাপন কৰা নাই ।
তেওঁ লিখিতভাৱেও এনে অভিযোগ উত্থাপন কৰা নাই স্পষ্ট কৰি দিয়ে । স্পুটনিকৰ বাতৰি অনুসৰি, ৱেইবো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত থকা তেওঁৰ একাউণ্টৰ পৰা যৌন নিৰ্যাতনৰ অভিযোগ সম্পৰ্কীয় এটা পোষ্ট ডিলিট কৰা হৈছিল ।
এই বিষয়ত তেওঁ কয় যে এয়া তেওঁৰ ব্যক্তিগত ব্যৱসায় কথা আৰু ভুল বুজাবুজিৰ বাবে এনে উৰাবাতৰি চৰ্চিত হৈছে (Peng Shuai on her sexual assault claim) । টেনিছ খেলুৱৈগৰাকীয়ে লগতে কয় যে, তেওঁ বেইজিঙত আছিল আৰু ক'ভিড-১৯ মহামাৰীৰ বাবে বিদেশ ভ্ৰমণৰ কোনো পৰিকল্পনা কৰা নাছিল