স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ: ৰোলান্ড গাৰোছত দেখুওৱা খেল অৱধাৰিত ৰখাটোৱে হ'ব ইগা স্বিয়াটেকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান । ১৪ সংখ্যক গ্ৰেণ্ড শ্লামৰ ১১ সংখ্যক বিজয়ী ফ্ৰান্স অপেনৰ চেম্পিয়ন ১৯ বছৰীয়া পোলেণ্ডৰ তাৰকা খেলুৱৈ গৰাকীয়ে নিজৰ জয়ৰ পিছত এইদৰে কয় ।
মহিলাৰ একক শাখাক নিয়ন্ত্ৰণত ৰখা শেষৰগৰাকী খেলুৱৈ আছিল আমেৰিকাৰ জেৰেঙা উইলিয়ামছ । জানুৱাৰী ২০১৭ৰ পৰা প্ৰায় ১১ গৰাকী মহিলাই ১৪ টা গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিছে । ছেৰেণাই ২০১৭ ত তেওঁৰ শেষৰটো অৰ্থাৎ ২৩ সংখ্যক গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিছিল ।
নাওমি অছাকা আৰু ছিমোনা হালেপে মাল্টিপল টাইটেল; যাৰ ভিতৰত অছাকাই ৩টা আৰু হালেপে ২টা জয় কৰিছে । অছাকাই শেষৰটো ইউএছ অপেন জয় কৰিছে । স্বিয়াটেকে অছাকাৰ পৰাই অনুপ্ৰানিত হৈছিল ।