স্পৰ্টছ ডেস্ক,19 ডিচেম্বৰ:চলিত বৰ্ষৰপ্ৰথম গ্ৰেণ্ড শ্লেম টেনিচ শৃংখলাৰ অষ্ট্ৰেলিয়ান অপেনৰ পূৰ্বে খেলুৱৈসকলে 14 দিনৰ বাবে মেলবৰ্ণত কোৱাৰেন্টাইনত থাকিব লাগিব বুলি নিশ্চিত কৰে ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে ৷ এই শৃংখলাখন পূৰ্ব নিৰ্ধাৰিত তাৰিখতকৈ তিনি সপ্তাহ পলমকৈ 8ৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব | শনিবাৰে ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে কয় যে, মুখ্য স্বাস্থ্য বিষয়াৰ সন্মতিমৰ্মে কোৱাৰেন্টাইনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সকলো খেলুৱৈৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়েই টেনিচ অষ্ট্ৰেলিয়ায়ো এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ৷
খেলুৱৈ সকলে জানুৱাৰীৰ মাজভাগত মেলবৰ্ণত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ আৰু ইয়াৰ পিছতেই তেওঁলোকক দু-সপ্তাহৰ বাবে কোৱাৰেন্টাইনত ৰখা হ’ব ৷ কোৱাৰেন্টাইনৰ এই সময়ছোৱাত খেলিৱৈসকলক প্ৰতিদিনে অষ্ট্ৰেলিয়ান অপেন থলীত প্ৰতিদিনে পাঁচ ঘন্টাকৈ অনুশীলনৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷