স্পৰ্টছ ডেস্ক,17 ডিচেম্বৰ : 2021 বৰ্ষৰ 8 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব দ্যা অষ্ট্ৰেলিয়ান অ’পেন ৷ দ্যা এচ’ছিয়েশ্যন অৱ টেনিছ প্ৰফেশ্বনেলছ চমুকৈ ATPয়ে এক কেলেণ্ডাৰ মুকলি কৰি এই স্পষ্টীকৰণ দিয়ে ৷
পূৰ্বৰ কাৰ্যক্ৰমণিকা অনুসৰি অষ্ট্ৰেলিয়ান অ’পেন 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ভিড-19ৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি খেলৰ তাৰিখ পিছুৱাই দিয়া হয় ৷
আগন্তুক বৰ্ষৰ 10-13 জানুৱাৰীলৈকে দোহাত অষ্ট্ৰেলিয়ান অ’পেনত যোগ্যতা অৰ্জন কৰা পুৰুষ শাখাৰ মেচসমূহ অনুষ্ঠিত হ’ব ৷ 14 দিনৰ বাবে মেলবৰ্ণত কোৱাৰেণ্টাইন হোৱাৰ পূৰ্বে এই মেচ অনুষ্ঠিত হ’ব বুলি ATPৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷