স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : চলিত টি-20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই ৷ টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিঙৰ সিদ্ধান্ত ৷
মহম্মদ ৰিজৱান আৰু ফখৰ জামানৰ অৰ্ধ শতকেৰে চাৰিটা উইকেট হেৰুৱাই 176 ৰাণ সংগ্ৰহ কৰিছিল পাকিস্তানে ৷ ইনিংছৰ অপেনিং কৰি মহম্মদ ৰিজৱানে 52 টা বলত 67 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, জামানে 32 বলত 55 ৰাণ (নট আউট) সংগ্ৰহ কৰে ৷ ইয়াৰ উপৰিও বাবৰ আজমে সংগ্ৰহ কৰে 39 ৰাণ ৷
অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে ৪৯ ৰাণ কৰাৰ লগতে মেথিউ ৱেডে ১৭ বলত অপৰাজিত ৪১ ৰাণ কৰে আৰু মাৰ্কাছ ষ্টইনিছে ৩১ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ ফলত অষ্ট্ৰেলিয়াই এটা অভাৰ বাকী থকা অৱস্থাত 177 ৰাণৰ লক্ষ্যত উপনীত হয় ।
পাকিস্তানৰ বাবে শ্ৰেষ্ঠ বলাৰ আছিল ছাদাব খান ৷