স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ : ছাৰ্বিয়াত আয়োজিত মল্লযুঁজ বিশ্বকাপৰ ফ্ৰিষ্টাইলত দমন অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়াৰ মল্লযুঁজাৰুয়ে দখল কৰিছে চাৰিটাকৈ স্বৰ্ণ ৷
2019 বৰ্ষৰ U23 বিশ্ব চেম্পিয়ন ৰাছিয়াৰ ৰাজামবেক জামালোভে বৃহস্পতিবাৰে অনুষ্ঠিত মেচত দুবাৰৰ বিশ্ব চেম্পিয়ন ইটালীৰ ফ্ৰেঙ্ক চেমিজোক 4-2 ছেটত পৰাস্ত কৰে ৷ ইয়াৰ ফলত জামালোভে 74 কেজি ফ্ৰিষ্টাইল শাখাত দখল কৰে স্বৰ্ণ পদক ৷
মেচৰ অন্ত পৰিবলৈ 2 ছেকেণ্ড বাকী থকা অৱস্থাতে চেমিজোৰ বিৰুদ্ধে দুই পইন্ট সংগ্ৰহ কৰি স্বৰ্ণ পদক জয় কৰে জামালোভে ৷