অসম

assam

Wrestlers Protest : সামাজিক মাধ্যমৰ পৰা বিৰতি প্ৰতিবাদী মল্লযুঁজাৰুৰ

By

Published : Jun 26, 2023, 12:32 PM IST

আজি কিছুদিন আগলৈ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ইয়াৰ মাজতে মল্লযুঁজাৰু বিনেশ ফোগাট আৰু সাক্ষী মালিকৰ গুৰুত্বপূৰ্ণ ঘোষণা । কিছু দিনৰ বাবে সামাজিক মাধ্যমৰ পৰা তেওঁলোকে বিৰতি ল'ব ।

Wrestlers Protest
সামাজিক মাধ্যমৰ পৰা বিৰতি প্ৰতিবাদী মল্লযুঁজাৰুৰ

স্পৰ্টছ ডেস্ক,২৬ জুন :যৌন নিৰ্যাতনৰ গোচৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত চলি থকা আন্দোলনৰ পৰা বিৰতি লৈছে একাংশ মল্লযুঁজাৰুৱে । মহিলা মল্লযুঁজাৰু বিনেশ ফোগাট আৰু সাক্ষী মালিকে টুইটযোগে জনোৱা মতে তেওঁলোকে অহা কেইদিনমানৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰতি ল'ব । কিয়নো এছিয়ান গেমছ সন্মুখত । এই প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাব মল্লযুঁজাৰুসকলে ।

অৱশ্যে, মল্লযুঁজাৰুসকলে সামাজিক মাধ্যমৰ পৰা বিৰতি লোৱাৰ কাৰণ উল্লেখ কৰা নাই । এনে পৰিস্থিতিত, অনুৰাগীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিভিন্ন মহলত প্ৰশ্নও উত্থাপন হৈছে । সাক্ষী মালিক আৰু বিনেশ ফোগাটৰ অনুৰাগীসকলে টুইটাৰত তেওঁলোকৰ এই সিদ্ধান্ত সন্দৰ্ভত নিৰন্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে । একাংশ লোকে মল্লযুঁজাৰুসকলক প্ৰশ্ন কৰিছে আনহাতে একাংশই আকৌ তেওঁলোকক সমৰ্থন জনাইছে ।

বিনেশ ফোগাটে টুইটত কয় যে ৭ জুনত অনুষ্ঠিত আলোচনাত চৰকাৰে মল্লযুঁজাৰুসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে । মহিলা নিৰ্যাতন আৰু যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত ৬ গৰাকী মহিলা মল্লযুঁজাৰুৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ পুংখানুপুংখ তদন্ত কৰিছে আৰু ১৫ জুনত আদালতত অভিযোগনামা দাখিল কৰিছে । এই ক্ষেত্ৰত, ন্যায় লাভ নকৰালৈ মল্লযুঁজাৰুসকলৰ যুঁজ ৰাস্তাৰ পৰিৱৰ্তে আদালতৰ মজিয়াত চলিব ।

বিনেশ ফোগাটে টুইটত লিখিছে যে মল্লযুঁজ ফেডাৰেশ্যনৰ সংস্কাৰ সন্দৰ্ভত নতুন ফেডাৰেশ্যনৰ নিৰ্বাচন প্ৰক্ৰিয়া প্ৰতিশ্ৰুতি অনুসৰি আৰম্ভ হৈছে । এই সন্দৰ্ভত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰা হ'ব নে নহয় তাৰ বাবে অপেক্ষা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

একে সময়তে, মল্লযুঁজাৰুসকলে ১০ আগষ্টৰ পাছত এছিয়ান গেমছৰ পৰীক্ষণ অনুষ্ঠিত কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ক দাবী জনাইছে । এই সন্দৰ্ভত মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰত উল্লেখ কৰা মতে প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেৱল পৰীক্ষণৰ বিষয় উল্লেখ কৰি হে পত্ৰখন লিখিছিল কিয়নো যোৱা ৬ মাহ ধৰি আন্দোলনত জড়িত থকাৰ বাবে তেওঁলোকে অনুশীলন কৰিব পৰা নাছিল । মালিকে পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰি কয় যে এই বিষয়টোৰ গম্ভীৰতা বুজি পোৱাৰ বাবে তেওঁ পত্ৰখন শ্বেয়াৰ কৰিছে । তেওঁৰ মতে শত্ৰুৱে মল্লযুঁজাৰুসকলৰ একতা ভাঙিব বিচাৰে । তেওঁক সফল হ'বলৈ নিদিবলৈও মালিকে আহ্বান জনায় ।

ইফালে ভাৰতীয় অলিম্পিক সন্থাই আগন্তুক চেম্পিয়নশ্বিপৰ বাবে ৩০ জুনৰ ভিতৰত ক্ৰীড়া সংস্থাসমূহৰ পৰা খেলুৱৈৰ তালিকা বিচাৰিছে । এনে পৰিস্থিতিত, ভাৰতীয় অলিম্পিক সন্থাই ১৫ জুলাইৰ ভিতৰত সকলো ভাৰতীয় খেলুৱৈৰ নাম অলিম্পিক পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব । অৱশ্যে, সন্থাই মল্লযুঁজৰ ক্ষেত্ৰত অলিম্পিক পৰিষদৰ পৰা ১০ আগষ্টলৈকে সময় বিচাৰিছে ।

লগতে পঢ়ক :Asian Games 2023 : মল্লযুঁজাৰুৰ দাবী সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে ল'ব সিদ্ধান্ত- কল্যাণ চৌবে

ABOUT THE AUTHOR

...view details