নেশ্যনেল ডেস্ক, 4 জুলাই :মল্লযোদ্ধা সাগৰ ৰানাৰ হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা মল্লয়ুঁজাৰু সুশীল কুমাৰে কাৰাগাৰৰ ভিতৰত এটা টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিবৰ বাবে আবেদন জনাইছে ৷ টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিবৰ বাবে সুশীল আনকি কাৰগাৰ কৰ্তৃপক্ষকো অৱগত কৰিছে ৷ জানিব পৰা মতে, কাৰাগাৰ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি সুশীল কুমাৰে তেওঁ কাৰাগাৰৰ ভিতৰত অকলে থাকি ভাল পোৱা নাই আৰু সেয়ে তেওঁক এটা টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিব লাগে বুলি আহ্বান জনায় ৷
প্ৰাপ্ত তথ্য অনুসৰি, টেলিভিশ্যনৰ বাবে কুমাৰৰ আহ্বান ইতিমধ্যে কৰ্তৃপক্ষৰ কাষ পাইছে ৷ যদিহে তিহাৰ কাৰাগাৰৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ভাৱে যে, সুশীল কুমাৰক সঁচাকৈয়ে এটা টেলিভিশ্যনৰ প্ৰয়োজন তেন্তে ইয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব ৷ অৱশ্যে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ পাচতহে কাৰাগাৰ কৰ্তৃপক্ষই যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৷