অসম

assam

ETV Bharat / sports

মল্লযোদ্ধা বজৰং পুনিয়াই ঘূৰাই দিলে পদ্মশ্ৰী বঁটা; প্ৰধানমন্ত্ৰীলৈ বেদনা গধুৰ পত্ৰ - new president of WFI

সঞ্জয় সিং ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মল্লযোদ্ধা বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়ে । বজৰঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তিনি পৃষ্ঠাৰ এখন পত্ৰও লিখি নিজৰ বেদনা ব্যক্ত কৰে ।

Bajrang Punia returned Padma award
মল্লযোদ্ধা বজৰং পুনিয়াই ঘূৰাই দিলে পদ্মশ্ৰী বঁটা

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:27 PM IST

স্পৰ্টছ ডেস্ক, ২২ ডিচেম্বৰ : অলিম্পিক পদক বিজয়ী আৰু বিখ্যাত মল্লযোদ্ধা বজৰং পুনিয়াই তেওঁৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে সঞ্জয় সিঙৰ নিৰ্বাচনত অসন্তুষ্ট হৈছে বজৰং পুনিয়া । উল্লেখ্য যে সঞ্জয় সিঙক ব্ৰীজভূষণ চৰণ সিঙৰ শিবিৰৰ বুলি গণ্য কৰা হয় । আনহাতে, সঞ্জয় সিং ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ সমৰ্থকসকলে বিজয় উদযাপন কৰাৰ সময়ত ব্ৰীজভূষণ সিঙকো মালা পিন্ধোৱা দেখা যায় ।

আনহাতে, বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখে । এই পত্ৰখনত বজৰঙে মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি হোৱা অন্যায় আৰু ব্ৰীজভূষণ সিঙৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে । এই তিনি পৃষ্ঠাৰ পত্ৰখনৰ জৰিয়তে বজৰঙে লিখিছে ‘‘মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । ৰাজহুৱা মঞ্চত আমাক পদ্মশ্ৰী বুলি কোৱা হৈছিল, কিন্তু এতিয়া যদি কোনোবাই মোক এনেদৰে মাতে তেনে মই বিৰক্ত হওঁ । প্ৰতিগৰাকী মহিলাই এক সন্মানীয় জীৱন যাপন কৰিব বিচাৰে । কিন্তু তেওঁলোক এই সন্মানৰ পৰা বঞ্চিত কৰা হৈছে ।’’

উল্লেখ্য যে ২১ ডিচেম্বৰত যৌন নিৰ্যাতন আন্দোলনৰ নেতৃত্ব দিয়া তিনিগৰাকী মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটে সঞ্জয় সিঙক ডব্লিউএফআইৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত এক সংবাদমেল অনুষ্ঠিত কৰে । এই সংবাদমেলত সকলো মল্লযোদ্ধাই কয় যে সঞ্জয় সিং ব্ৰীজভূষণ সিঙৰ মানুহ । তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰিত্ব আছে ।

তেনে ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি ন্যায় কেনেকৈ কৰা হ'ব ? তেওঁ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকো অভিযুক্ত কৰি কয় যে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে ব্ৰীজভূষণ সিঙৰ কোনো ব্যক্তি কুস্তি সংস্থালৈ আহিব নোৱাৰিব । আনহাতে, সংবাদমেলৰ সময়ত সাক্ষী মালিকে কান্দিবলৈ আৰম্ভ কৰে আৰু মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে ।

লগতে পঢ়ক :টেষ্ট শৃংখলাৰ পূৰ্বে স্বদেশলৈ উভতিল কোহলী, দলৰ পৰা বাহিৰ ৰুতুৰাজ

ABOUT THE AUTHOR

...view details