অসম

assam

ETV Bharat / sports

টকিঅ' অলিম্পিকত ভাল প্ৰদৰ্শন দেখুৱাবলৈ প্ৰতিশ্ৰুতিবদ্ধ সাক্ষী মালিক

টকিঅ' অলিম্পিক,2020 ত ভাল প্ৰদৰ্শন দেখুৱাই দেশলৈ সন্মান কঢ়িয়াবলৈ দৃঢ় সংকল্পবদ্ধ ৰিঅ' অলিম্পিক, 2016 ৰ ব্ৰঞ্জ পদকধাৰী মল্লযুঁজাৰু সাক্ষী মালিক ৷

By

Published : Jul 31, 2019, 2:43 PM IST

সাক্ষী মালিক

স্পৰ্টছ ডেস্ক, 31 জুলাই :টকিঅ' অলিম্পিক,2020 ত ভাল প্ৰদৰ্শন দেখুৱাই দেশলৈ সন্মান কঢ়িয়াবলৈ দৃঢ় সংকল্পবদ্ধ ৰিঅ' অলিম্পিক, 2016 ৰ ব্ৰঞ্জ পদকধাৰী মল্লযুঁজাৰু সাক্ষী মালিক ৷ মল্লযুঁজাৰু গৰাকীয়ে সংবাদমাধ্যমৰ আগত যে, এই অলিম্পিকত তেওঁ পূৰ্বৰ পদকৰ ৰং সলনি কৰাৰ আপ্ৰাণ চেষ্টা চলাব ৷ অলিম্পিকত ভাল প্ৰদৰ্শন দেখুৱাই দেশলৈ সন্মান বুটলিবলৈ দৃঢ় সংকল্পবদ্ধ খেলুৱৈ গৰাকী ৷

সাক্ষী মালিক

তেওঁ লগতে কয় যে, পদক জয় কৰাৰ পাছতে তেওঁ বহু দৰ্শকক এই খেলবিধৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ খেলৰ বাবে কিদৰে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু দিনক দিনে ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল সেই বিষয়েও সাক্ষীয়ে মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে, ৰিঅ' অলিম্পিকত ৫৮ কেজি শাখাত ব্ৰঞ্জ অৰ্জন কৰা সাক্ষী মালিক হ'ল অলিম্পিকত পদক বিজয়ী ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু । ৷ শেহতীয়াকৈ 26 বৰ্ষীয় ভাৰতীয় মল্লযুঁজাৰু গৰাকীয়ে ছিনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ 62 কেজি শাখাৰ বাবে নিজৰ নাম সুনিশ্চিত কৰিছে ৷

ABOUT THE AUTHOR

...view details