অসম

assam

ETV Bharat / sports

বিশ্ব মল্লযুঁজ ৰেংকিং, শীৰ্ষ স্থানত দীপক পুনিয়া - world-wrestling-rankings

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰাৰ পাছতে বিশ্ব মল্লযুঁজ ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়াই ৷ শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেছনে ঘোষণা কৰা ৰেংকিঙৰ 86 কে. জি. শাখাত শীৰ্ষ স্থান দখল কৰে দীপকে ৷

দীপক পুনিয়া

By

Published : Sep 27, 2019, 4:36 PM IST

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰাৰ পাছতে বিশ্ব মল্লযুঁজ ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়াই ৷ শুকুৰবাৰে আন্তৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেছনে ঘোষণা কৰা ৰেংকিঙৰ 86 কে. জি. শাখাত শীৰ্ষ স্থান দখল কৰে দীপকে ৷ 20 বৰ্ষীয় দীপকে বৰ্তমান 82 পইন্ট সংগ্ৰহ কৰাৰ লগতে ইৰানৰ হাছান আলিয়াজাম য়াজদানিচৰাটিতকৈ 4 পইন্টৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

দীপক পুনিয়া

আনহাতে, ভাৰতৰ শীৰ্ষ মল্লযুঁজাৰু বজৰংগ পুনিয়াই 65 কে.জি. শাখাত স্থানচ্যুত হৈছে ৷ ৰাছিয়াৰ জি. ৰাছিজোভে শীৰ্ষ স্থান দখল কৰাৰ লগতে বজৰংগ পুনিয়াতকৈ 9 পইন্ট বেছি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

বজৰংগ পুনিয়া

57 কে. জি. শাখাত ৰবি কুমাৰে শীৰ্ষ পাঁচটাকৈ স্থানত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ 39 পইন্টেৰে পঞ্চম স্থান দখল কৰাৰ লগতে 61 কে. জি. শাখাত ব্ৰঞ্জ পদক দখল কৰা ৰাহুল আৱাৰেই দ্বিতীয় স্থান দখল কৰিছে ৷

ABOUT THE AUTHOR

...view details