স্পৰ্টছ ডেস্ক, 21 ছেপ্তেম্বৰঃবিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু দীপক পুনীয়াৰ ৷ শনিবাৰে 86 কিলোগ্ৰাম শাখাত কলম্বিয়াৰ কাৰ্লোছ মেণ্ডেজক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগতে টকিঅ’ অলিম্পিকৰ বাবে টিকট লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় খেলুৱৈগৰাকী ৷ এক সংঘৰ্ষপূৰ্ণ মেচত 7-6 ব্য়ৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় পুনীয়াই ৷ টকিঅ’ অলিম্পিকলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা চতুৰ্থগৰাকী ভাৰতীয় খেলুৱৈ হৈছে দীপক পুনীয়া ৷
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপঃ টকিঅ’ অলিম্পিকলৈ স্থান লাভ দীপক পুনীয়াৰ - দীপক পুনীয়া
86 কিলোগ্ৰাম শাখাত কলম্বিয়াৰ খেলুৱৈক পৰাস্ত কৰি 2020 টকিঅ’ অলিম্পিক কোটাত স্থান লাভ ভাৰতীয় মল্লযুঁজাৰু দীপক পুনীয়াৰ ৷ অলিম্পিকলৈ স্থান লাভ কৰা চতুৰ্থগৰাকী ভাৰতীয় খেলুৱৈ হ’ল পুনীয়া ৷
টকিঅ’ অলিম্পিকলৈ স্থান লাভ দীপক পুনীয়াৰ
ইয়াৰ পূৰ্বে 2020 টকিঅ’ অলিম্পিকলৈ বিনেশ ফ’গাট, বজৰং পুনীয়া, ৰবি দহিয়াই স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া ছেমিফাইনেলত ছুইটজাৰলেণ্ডৰ ষ্টেফেন ৰিছমুথৰ বিৰুদ্ধে মুখামুখি হ’ব পুনীয়া ৷