স্প’ৰ্টছ ডেস্ক, ২ ডিচেম্বৰ: আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন লং জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ৱমেন অৱ দ্যা ইয়েৰ বঁটা(Woman of the Year award 2021) । বুধবাৰে ভাৰ্চুৱেল মাধ্যমেৰে আয়েজিত এক অনুষ্ঠানত খেলুৱৈগৰাকীক এই বঁটা প্ৰদান কৰা হয় । অঞ্জু ববী জৰ্জ এতিয়াও এই খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে । ২০১৬ চনত তেওঁ মহিলাসকলৰ বাবে লং জাম্পৰ প্ৰশিক্ষণ একাডেমী প্ৰতিষ্ঠা কৰে ।
এই একাডেমীৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় খেলত ২০ বছৰৰ অনুৰ্ধৰ শাখাত পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বত থাকি অঞ্জু ববী জৰ্জে লিংগ বৈষম্য দূৰ কৰাৰ বাবে মাত মাতি আহিছে । স্কুলীয়া ছাত্ৰীসকলক ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । নিজে আগবাঢ়ি যোৱাৰ লগতে আন মহিলা সকলক এই দিশত আগুৱাই নিয়াৰ বাবে তেওঁ প্ৰয়াস কৰি আহিছে ।
সেয়েহে, তেওঁক ৱমেন অৱ দ্যা ইয়েৰ বঁটাৰে সন্মানিত কৰা হয়(Woman of the Year to Anju Bobby) । অলিম্পিক চেম্পিয়ন জামাইকাৰ এলেইন থম্পছন হেৰাহ আৰু নৰৱেৰ কাৰ্ষ্টেন ৱাৰহোলমৰ নামো বিশ্ব এথলেটিকছৰ বঁটাৰ বাবে মনোনীত হৈছিল ।