অসম

assam

ETV Bharat / sports

টকিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জনৰ নতুন মাপকাঠি নিৰ্ধাৰণ বিশ্ব আৰ্চাৰীৰ !

বিশ্ব আৰ্চাৰীয়ে শেহতীয়াকৈ নিৰ্ধাৰণ কৰিছে টকিঅ' অলিম্পিক আৰু পেৰালিম্পিকছৰ বাবে যোগ্যতা অৰ্জনৰ নতুন মাপকাঠি । এথলিটে ন্যূনতম যোগ্যতা অৰ্জনৰ স্ক'ৰ কৰিবলৈ সক্ষম হ'লেই তেওঁলোকৰ যোগ্যতাৰ সময় সীমা ২৮ এপ্ৰিল ২০২১ লৈ বৃদ্ধি কৰা হ'ব বুলিও জানিবলৈ দিয়ে ।

By

Published : May 10, 2020, 11:31 AM IST

World Archery releases new qualification procedure for Tokyo Olympics
World Archery releases new qualification procedure for Tokyo Olympics

স্পৰ্টছ ডেস্ক, ১০ মে':বিশ্ব আৰ্চাৰীৰ তৰফৰ পৰা শনিবাৰে টকিঅ' অলিম্পিক আৰু পেৰালিম্পিকছৰ বাবে নিৰ্ধাৰণ কৰা হয় যোগ্যতা অৰ্জনৰ নতুন মাপকাঠি । বিশ্ব আৰ্চাৰীৰ পৰা লগতে কোৱা হৈছে চূড়ান্ত যোগ্যতা অৰ্জনৰ প্ৰতিযোগিতা গ্ৰীষ্মকালীন ২০২১ লৈ বিলম্ব হোৱাৰ বাবেই ২০২১ আৰ্চাৰী বিশ্বকাপৰ পেৰিছ স্তৰৰ সৈতে পৃথককৈ টুৰ্ণামেণ্ট আয়োজনৰ পৰিকল্পনাৰ কথা ।

ইপিনে যিটো সময়-সীমাত এথলিটে ন্যূনতম যোগ্যতা অৰ্জনৰ স্ক'ৰ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ যোগ্যতাৰ সময়-সীমা ২০২০ ৰ ১ এপ্ৰিলৰ পৰা ৩০ জুনৰ সময়ক বাদ দি ২৮ এপ্ৰিল ২০২১ লৈ বৃদ্ধি কৰা হ'ব বুলি বিশ্ব আৰ্চাৰীৰ ফালৰ পৰা উল্লেখ কৰা হৈছে ।

আনহাতে টকিঅ' অলিম্পিকলৈ প্ৰথমেই যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সকলো দেশে যোগ্যতা লাভ কৰিবলগীয়া দেশ সমূহৰ সৈতে বৰ্তি আছে বুলি উল্লেখ কৰে । এতিয়া কেৱল খেলৰ বাবে এথলিট নিৰ্বাচন কৰা প্ৰত্যেক দেশ সমূহৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে । অলিম্পিকৰ ১২৮ টা কোটাৰ ৮৭ টা প্ৰথমেই যোগ্যতা লাভ কৰিছে । ইপিনে পেৰালিম্পিকছৰ ১৪০ টা স্পটৰ ৯৩ টা বিতৰণ কৰা হৈছে ।

ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অন্তিম কোৱালিফায়াৰ বাদে অন্য়ান্য় ইভেন্টৰ বাবে অস্থায়ী সময়-সীমা ২০২১ ৰ ১ জুন নিৰ্ধাৰণ কৰিছে । আনহাতে অন্তিম কোৱালিফায়াৰৰ অস্থায়ী সময়-সীমা ২০২১ ৰ ২ জুলাই নিৰ্ধাৰণ কৰিছে ।

ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে যোগ্যাতা অৰ্জনৰ অন্তিম সময়-সীমা ২০২১ ৰ ২৯ জুনলৈ নিৰ্ধাৰণ কৰিছিল । অলিম্পিক পৰিচালনা কমিটিয়ে চূড়ান্ত স্পট প্ৰৱেশৰো সময়-সীমা বৰ্তমান ২০২১ ৰ ৫ জুলাই নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য় যে, কৰ'ণা ভাইৰাছৰ বাবে স্থগিত হৈ যোৱা ২০২০ টকিঅ' অলিম্পিক বৰ্তমান আগন্তুক বৰ্ষৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত কৰা হ'ব । আনহাতে পেৰালিম্পিকছ গেমছ অনুষ্ঠিত হ'ব ২০২১ ৰ ২৪ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ ।

ABOUT THE AUTHOR

...view details