স্পৰ্টছ ডেস্ক,২৫ মাৰ্চ :দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতীয় মহিলা বক্সাৰৰ ওপৰত । মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদকৰ আশাত থকা নিখাত জাৰিন, লাভলীনা বৰগোঁহাই, নিতু ঘাংঘাছ আৰু শ্বাতি বুৰাৰ বাবে প্ৰাৰ্থনা কৰিছে লাখ লাখ ভাৰতীয়ই (4 Indian woman boxer in world boxing Final)। চাৰিওগৰাকী ভাৰতীয় বক্সাৰে বৃহস্পতিবাৰে নিজ নিজ ছেমিফাইনেল বাউটত ৰোমাঞ্চকৰ বিজয় অৰ্জনৰ পাছতে ৰূপৰ পদক জয়ৰ কথা নিশ্চিত হৈ পৰিছে ।
তাৰকা বক্সাৰ মেৰী কমৰ পাছতে একাধিকবাৰ সন্মানীয় খিতাপ জয় কৰা দ্বিতীয়গৰাকী মহিলা হোৱাৰ সুযোগ সন্মুখত আছে নিখাতৰ । পেৰিছ অলিম্পিকৰ পাছত ৫২ কিলোগ্ৰামৰ পৰা ৫০ কিলোগ্ৰামলৈ অৱনমিত হোৱা নিখাতে লাইট ফ্লাইৱেট শাখাত উন্নত প্ৰদৰ্শন দেখুৱাইছে । ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে সকলো ভাৰতীয় বক্সাৰৰ তুলনাত ফাইনেললৈ যোৱাৰ পথত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে । কাৰণ অলিম্পিকত পদক বিজয়ী তথা শক্তিশালী প্ৰতিদ্বন্দীৰ সৈতে তেওঁ মুখামুখি হৈছিল ।
এগৰাকী কাৰিকৰীভাৱে সফল বক্সাৰ নিখাতে ৰিঙত তেওঁৰ বছৰৰ অভিজ্ঞতা আৰু কৌশল ব্যৱহাৰ কৰি বিজয় সাব্যস্ত কৰিছে (Nikhat Zareen in world boxing Championship)। মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে তিনিটা বেক-টু-বেক বাউটত তেওঁ জয়ী হৈছে । আনকি নিখাতে স্বীকাৰো কৰিছে যে তেওঁ কোৱাৰ্টাৰ ফাইনেল বাউটৰ তৃতীয় ৰাউণ্ডত ভাগৰুৱা হৈ পৰিছিল । অৱশ্যে, দেওবাৰৰ ফাইনেলৰ পূৰ্বে তেওঁ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ।
অসম কন্যা লাভলীনাৰ ওপৰতো দেশবাসীৰ নজৰ আছে । ব্ৰঞ্জৰ পদকৰ শিকলি ছিগি তেওঁ প্ৰথমবাৰ বাবে বিশ্বৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । লাভলীনাই ইতিমধ্যে ২০১৮ আৰু ২০১৯ৰ সংস্কৰণত ব্ৰঞ্জৰ পদক অৰ্জন কৰি থৈছে । লাভলীনাই দেওবাৰে ফাইনেলত কমনৱেলথ গেমছৰ ব্ৰঞ্জ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰৰ সৈতে মুখামুখি হ'ব (Lovlina Borgohain in world boxing Championship)।