অসম

assam

ETV Bharat / sports

Brazil beats South Korea: নেইমাৰৰ প্ৰত্যাৱৰ্তন আৰু ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল - FIFA world cup updates

দললৈ পুনৰ প্ৰত্যাৱৰ্তন ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ ৷ গোৰোহাত পোৱা আঘাতৰ বাবে প্ৰথমখন খেলৰ পাচৰ পৰাই চিকিৎসাধীন হৈ আছিল নেইমাৰ (FIFA world cup 2022) ৷ সোমবাৰে গ্ৰুপ 16 ৰ খেলখনত ব্ৰাজিলে দক্ষিণ কোৰিয়াক 4-1 গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে (Brazil beats South Korea) ৷

Brazil beats South Korea
Brazil beats South Korea

By

Published : Dec 6, 2022, 10:09 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ: ফুটবল প্ৰেমীৰ বাবে চিনাকী নাম নেইমাৰ ৷ পুনৰ খেল পথাৰলৈ নেইমাৰ ঘূৰি আহিছে (Neymar back to team) ৷ সেইজন নেইমাৰ, যাক কালি সপ্ৰতিভ দেখা গৈছিল আৰু পেলেৰ সৰ্বকালৰ অভিলেখৰ ওচৰ চাপিবলৈ গ’ল দি ব্ৰাজিলক বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈ লৈ গ’ল । সোমবাৰে ১৬ ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ব্ৰাজিলে ৪-১ গ’লত জয়লাভ কৰে (Brazil beats South Korea) ৷ আঘাতৰ পৰা আৰোগ্য লাভ কৰি খেলখনত অংশ লোৱা নেইমাৰে প্ৰথমাৰ্ধত এটা পেনাল্টিক ৰূপান্তৰিত কৰে গ’ললৈ । ৰাষ্ট্ৰীয় দলত তেওঁ ৭৬ টা গ’লত কৰিছে বৰ্তমানলৈ ৷

নেইমাৰে কয়, ‘‘মই বহুত ভয় খাইছিলোঁ । মোৰ দৰে আঘাত পোৱাৰ পিছত খেলাতো বৰ কঠিন আছিল । মই গোটেই ৰাতিটো কান্দি আছিলো । মোৰ পৰিয়ালে জানে যে, মই কি অৱস্থাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছিল । কিন্তু শেষত সকলো ঠিক হৈ গ'ল । ফিজিঅ'থেৰাপি কৰি থাকিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় আছিল ।"

উল্লেখ্য যে, ৮২ বছৰীয়া পেলে ক’ভিড-১৯ৰ ফলত অধিক ভয়াৱহ হোৱা শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে (Pele health updates) ৷ যাৰ ফলত ব্ৰাজিল আৰু কাটাৰৰ অনুৰাগীসকল তেওঁৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছে । মেচৰ পিছত নেইমাৰে ফুটবলৰ মহান খেলুৱৈগৰাকীৰ ছবি আৰু "পেলে" লিখা বেনাৰ এখন লৈ ফুৰিছিল আৰু তাৰ পিছত সমগ্ৰ দলটোৱে মিডফিল্ডৰ ওচৰত নেইমাৰৰ পিছফালে প’জ দিছিল ।

নেইমাৰে কয় যে, পেলেৰ বিষয়ে ক’বলৈ কঠিন । "আমি কামনা কৰোঁ যে তেওঁ সোনকালে সুস্থ হৈ উঠিব । আমি আশা কৰোঁ যে, আমি তেওঁক বেনাৰখনৰ সৈতে আৰু জয়ৰ সৈতে সুখী অনুভৱ কৰালোঁ ।" ২০০২ চনত সহ-আয়োজক হিচাপে ছেমিফাইনেলত প্ৰৱেশৰ পিচত পিছত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াই ১৬ ৰাউণ্ড অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল (FIFA world cup 2022)।

ছাৰ্বিয়াৰ বিৰুদ্ধে দলটোৰ উদ্বোধনী মেচত নেইমাৰে সোঁ ভৰিৰ গোৰোহাৰ লিগামেণ্টত আঘাত পাইছিল আৰু সেই সময়ত তেওঁ পুনৰ বিশ্বকাপত খেলিব নে নাই তাত সন্দেহ আছিল । কিন্তু তেওঁ ঘূৰি আহিছিল আৰু আঘাতৰ কোনো লক্ষণ দেখা পোৱা নাছিল ৷ কাৰণ তেওঁ ব্ৰাজিলক বিজয়ৰ দিশত সহায় কৰি একেৰাহে অষ্টমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছিল । পৰৱৰ্তী সময়ত শুকুৰবাৰে ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে ব্ৰাজিলে খেলিব কোৱাৰ্টাৰ ফাইনেল (FIFA world cup updates) ।

13 মিনিটত দক্ষিণ কোৰিয়াৰ গ’লৰক্ষকৰ সমুখত ৰৈ বলটোত চুমা খাই আৰু শান্তভাৱে ঠাইৰ পৰা ল’ শ্বট মাৰি এইবাৰৰ বিশ্বকাপৰ প্ৰথমটো গ’ল দিয়ে নেইমাৰে । সতীৰ্থসকলে তেওঁৰ চাৰিওফালে আগুৰি ধৰাৰ সময়ত তেওঁ নাচিছিল ৷ তাৰ পিছত ভিনিচিয়াছ জুনিয়ৰ আৰু অন্যান্য সতীৰ্থসকলৰ সৈতে নৃত্যৰ কৰি বাহু দুটা আকাশলৈ মেলি দি হাঁহিছিল (Football world cup 2022) ।

2014 চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলত আঘাত পোৱাৰ বাবে নেইমাৰে বাহিৰ হ’বলৈ বাধ্য হৈছিল । সোমবাৰে তেওঁ ব্ৰাজিলৰ হৈ তিনিটা ভিন্ন বিশ্বকাপত গ’ল দিয়াৰ শাৰীত পেলে আৰু ৰোনাল্ডোৰ সৈতে সহাৱস্থান কৰে । মেচৰ পিছত খেলপথাৰৰ পৰা ওলাই অহাৰ সময়ত অনুৰাগীয়ে তেওঁৰ নামৰ ধ্বনি দিয়ে । ৮১ মিনিটত তেওঁক বদলি কৰা হৈছিল ।

সপ্তম মিনিটত ৰাফিনহাৰ ক্ৰছৰ পাছত ভিনিচিয়াছ জুনিয়ৰে এলেকাৰ ভিতৰৰ পৰা প্ৰথমটো গ’ল দিয়ে ৷ ২৯ মিনিটত ব্ৰাজিলৰ দলটোৱে সুন্দৰ পাছৰ আদান-প্ৰদানৰ পিছত ৰিচাৰ্লিছনে ওচৰৰ পৰা অগ্ৰগতি বৃদ্ধি কৰে আৰু হাফটাইমৰ পূৰ্বে লুকাছ পাকেটাই ভিনিচিয়াছ জুনিয়ৰৰ সহায়ত চতুৰ্থটো গ’ল দিয়ে ।

তেওঁলোকে প্ৰতিটো গ'ল নাচি উদযাপন কৰিছিল আৰু আনকি ব্ৰাজিলৰ প্ৰশিক্ষক টাইটেও ৰিচাৰ্লিছনৰ পৰম্পৰাগত "পাৰ চৰাই" উদযাপনত অংশগ্ৰহণ কৰিছিল । ৭৬ মিনিটত পাইক চেউং-হোৱে দক্ষিণ কোৰিয়াৰ গ’লটো দিয়ে । দক্ষিণ কোৰিয়াৰ প্ৰশিক্ষক পাউলো বেণ্টোৱে মেচখনৰ পিছত কয় যে তেওঁ খেল এৰিব । পৰ্তুগীজ প্ৰশিক্ষকগৰাকীয়ে যোৱা বিশ্বকাপৰ পিছত ৰাষ্ট্ৰীয় দলৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু এইবাৰৰ প্ৰতিযোগিতাৰ পিছত তেওঁৰ চুক্তি শেষ হোৱাৰ কথা আছিল ।

লগতে পঢ়ক:Croatia beat Japan: জাপানক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া

ABOUT THE AUTHOR

...view details