স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল : ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে বুধবাৰে মন্তব্য কৰে যে, অলিম্পিকত দেশক স্বৰ্ণ পদক উপহাৰ দিয়াই তেওঁৰ সপোন ৷ ইয়াৰ বাবে তেওঁ নিজৰ শ্ৰেষ্ঠ প্ৰদান কৰিবলৈ সাজু আছে আৰু এই লক্ষ্যত উপনীত নোহোৱালৈকে যুঁজি যাব বুলি মন্তব্য় কৰে ৷
উল্লেখ্য যে, এইগৰাকী তাৰকা বক্সাৰে লণ্ডন অলিম্পিক, 2012 ত 51 কে.জি. শাখাত ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু, 2016 চনৰ ৰিঅ' অলিম্পিকত তেওঁ কোৱালিফাই হ'বলৈও সক্ষম হোৱা নাছিল ৷
ভাৰতীয় ক্ৰীড়া পৰিষদৰ (SAI) ফেচবুক লাইভৰ জৰিয়তে মেৰী কমে কয়, "মোৰ লক্ষ্য হৈছে অলিম্পিকত স্বৰ্ণ জয় কৰা ৷ এই বয়সতো মই বহু কষ্ট কৰি আছো ৷ অলিম্পিকলৈ কোৱালিফাই হোৱাটো মোৰ বাবে কষ্টকৰ আছিল ৷"
"বিশ্ব চেম্পিয়নশ্বিপ অথবা অলিম্পিকছত সফলতা লাভ কৰাৰ অন্তৰালত কোনো গোপন মন্ত্ৰ নাই ৷ মই যুঁজি যাম আৰু ভাৰতৰ বাবে অলিম্পিকত এটা স্বৰ্ণ জয় নকৰালৈকে পৰাজয় স্বীকাৰ নকৰো ৷"
বৰ্তমান ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰা বাবে মেৰী কম নিজ গৃহত বাস কৰি আছে ৷