নিউজ ডেস্ক, ২৯ এপ্ৰিল: সৰ্ব ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছন চমুকৈ ডব্লিউ এফ আই য়ে ৰাজীৱ গান্ধী খেল ৰত্ন সন্মানৰ বাবে দুগৰাকী মল্লযুঁজাৰুৰ নাম অনুমোদন জনাইছে । এই মল্লযুঁজাৰু দুগৰাকী হ'ল বিনেশ ফোগট আৰু বজৰংগ পুনিয়া । বিনেশ ফোগট হৈছে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক জয়ী গীতা ফোগট আৰু ববিতা ফোগটৰ সম্বন্ধীয় ভগ্নী । কমনৱেলথ আৰু এছিয়ান গেমছ দুয়োখন প্ৰতিযোগিতাতে স্বৰ্ণ পদক দখল কৰা প্ৰথম গৰাকী ভাৰতীয় হিছাপে পৰিচিত বিনেশ ফোগট ।
বিনেশ ফোগট, বজৰংগ পুনিয়াক খেল ৰত্নৰ বাবে অনুমোদন - সৰ্ব ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছন
মল্লযুঁজাৰু বিনেশ ফোগট আৰু বজৰংগ পুনিয়াক ৰাজীৱ গান্ধী খেল ৰত্ন সন্মানৰ বাবে অনুমোদন জনাইছে সৰ্ব ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছন চমুকৈ ডব্লিউ এফ আইয়ে । তেওঁলোকৰ উপৰিও দ্ৰুণাচাৰ্য, অৰ্জুন আৰু ধ্যানচান্দ সন্মানৰ বাবেও বহুকেইজন খেলুৱৈৰ নাম অনুমোদন জনোৱা হৈছে ।
![বিনেশ ফোগট, বজৰংগ পুনিয়াক খেল ৰত্নৰ বাবে অনুমোদন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3142645-thumbnail-3x2-khel-new.jpg)
আনহাতে, বজৰংগ পুনিয়াই ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ জয় কৰাৰ লগতে ৬৫ কে. জি. শাখাত কমনৱেলথ গেমছতো স্বৰ্ণ জয় পদক দখল কৰিছিল । ইয়াৰ উপৰিও খেলুৱৈ গৰাকীয়ে বিশ্বৰ ১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল । ২০১৫ চনত অৰ্জুন সন্মানেৰে তেওঁক বিভূষিত কৰা হৈছিল ।
উল্লেখ্য যে, ডব্লিউ এফ আইয়ে হৰপ্ৰীত কৌৰ, দিব্যা কাকৰাণ আৰু পূজা ধান্দাৰ নামো অৰ্জুন পদকৰ বাবে অনুমোদন জনোৱাৰ লগতে দ্ৰুণাচাৰ্য সন্মানৰ বাবে বিৰেন্দৰ কুমাৰ, সুজীত মান, নৰেন্দ্ৰ কুমাৰ আৰু বিক্ৰম কুমাৰৰ নাম অনুমোদন জনোৱা হৈছে । তাৰোপৰি ধ্যানচান্দ সন্মানৰ বাবে ভীম সিং আৰু জয় প্ৰকাশৰ নাম অনুমোদন জনাইছে ।