নতুন দিল্লী, 31 মাৰ্চঃপ্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় ৰেছলিং ফেডাৰেচন (WFI) -য়ে আগবঢ়াইছে 11 লাখ টকা । কোভিড-19 সৈতে মোকাবিলা কৰাৰ বাবেই এই ধনৰাশি আগবঢ়াই ভাৰতৰ ক্ৰীড়া সংস্থাটোৱে। সোমবাৰে সংস্থাটোৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙে এই ঘোষণা আগবঢ়াই ।
লগতে,উত্তৰ-প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈয়ো ৫ লাখ টকা আগবঢ়াব বুলি ঘোষণা কৰে সন্থাটোৱে ।
উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড-19 ৰ বাবে উদ্ভৱ হোৱা জৰুৰীকালীন সময়চোৱাত জনসাধাৰণক অৰ্থিক ক্ষেত্ৰত সহায়ৰ বাবে এক পুঁজিৰ গঠন কৰিছিল । "Prime Minister's Citizen Assistance and Relief in Emergency Situations (PM-CARES)"নামেৰে গঠন কৰা হৈছিল এই সাহায্য পুঁজি ।
কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই 31 লাখ টকা,শচীন তেণ্ডুলকাৰে 21 লাখ টকাৰ অৰিহণা আগবঢ়োৱাৰ লগতে সৌৰভ গাংগুলী,হিমা দাস,পিভি সিন্ধু,বেজৰং পুণিয়া আদি বহু তাৰকা-মহাতাৰকাই সাহায্য আগবঢ়াইছে ।