স্পৰ্টছ ডেস্ক, 20 চেপ্তেম্বৰ : ছেমি ফাইনেলত কাজাখস্তানৰ দৌলেত নিয়াজবেকভৰ হাতত বজৰংগ পুনিয়াক পৰাস্ত ঘোষণা কৰাৰ পাছতে সংযুক্ত বিশ্ব মল্লযুঁজ সংস্থা চমুকৈ UWWৰ ওচৰ চাপিব ভাৰতীয় মল্লযুঁজ ফেডাৰেছন(WFI) ৷ এই সম্পৰ্কত WFI য়ে মন্তব্য কৰে যে,মেচ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে আবেদন জনোৱা হৈছে আৰু UWWৰ অধ্যক্ষই এই সম্পৰ্কত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷
পুনিয়াৰ পৰাজয়,সংযুক্ত বিশ্ব মল্লযুঁজ সংস্থাৰ কাষ চাপিব ভাৰত - পুনিয়াৰ পৰাজয়,সংযুক্ত বিশ্ব মল্লযুঁজ সংস্থাৰ কাষ চাপিব ভাৰত
ছেমি ফাইনেলত কাজাখস্তানৰ দৌলেত নিয়াজবেকভৰ হাতত বজৰংগ পুনিয়াক পৰাস্ত ঘোষণা কৰাৰ পাছতে সংযুক্ত বিশ্ব মল্লযুঁজ সংস্থা চমুকৈ UWWৰ ওচৰ চাপিব ভাৰতীয় মল্লযুঁজ ফেডাৰেছন (WFI) ৷ আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবে নিয়াজবেকভৰ বিৰুদ্ধে 9-9ত ড্ৰ' খেলাৰ পাছতো পৰাস্ত হ'ব লগা হয় পুনিয়া ৷
উল্লেখ্য যে,কোৱাৰ্টাৰ ফাইনেলত উত্তৰ কোৰিয়াৰ জং ছনক 8-1 ব্যৱধানত পৰাস্ত কৰি ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিছিল বজৰংগ পুনিয়াই ৷ ইয়াৰ পাছতে বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ মল্লযুঁজাৰুগৰাকীয়ে 65 কে. জি.ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷ কিন্তু আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবে নিয়াজবেকভৰ বিৰুদ্ধে 9-9ত ড্ৰ' খেলাৰ পাছতো পৰাস্ত হ'ব লগা হয় পুনিয়া ৷
আম্পায়াৰৰ এই সিদ্ধান্তক সমালোচনা কৰে অলিম্পিক, 2012ৰ ব্ৰঞ্জ পদকধাৰী মল্লযুঁজাৰু যোগেশ্বৰ দত্তই ৷ টুইটাৰৰ জৰিয়তে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে,"বজৰংগ পুনিয়া আৰু দৌলেত নিয়াজবেকভৰ মাজৰ মেচখন উপভোগ কৰাৰ পাছত যিকোনো লোকে ভুল আৰু শুদ্ধৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব পাৰিব ৷ তেনেহ'লে আম্পায়াৰে কিয় দেখা নাপালে ? এনে এক বৃহৎ প্ৰতিযোগিতাত এই ধৰণৰ অসাৱধানতা...সকলোৱে প্ৰত্যক্ষ কৰিছিল যে কাজাখস্তানৰ খেলুৱৈগৰাকীয়ে ভুল প্ৰণালীৰে খেলি আছিল ৷"