স্পৰ্টছ ডেস্ক, 30 জুলাই : শনিবাৰে কেনিংছটন অভালত অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন মেচত নিৰাশাজনক প্ৰদৰ্শনেৰে 6 উইকেটত পৰাস্ত হ’ল ভাৰত ৷ বতৰে বিধি-পথালি দিয়া মেচখনত বেটিং-বলিং উভয়তে হতাশাজনক প্ৰদৰ্শন দাঙি ধৰে ভৰতীয় দলটোৱে ৷
টছত জিকি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লোৱা ৱেষ্ট ইণ্ডিজৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 40.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 181 ৰাণহে কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ ইশান কিষণে সাৰ্বাধিক 55 ৰাণৰ বৰঙণি আগবঢ়াই ৷ 55টা বলত 55 ৰাণ কৰি ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ইশান কিষণে ৷
আনহাতে শুভমন গীল আৰু সূৰ্যকুমাৰ যাদৱে ক্ৰমে 34 আৰু 24 ৰাণৰ বৰঙণি আগবঢ়াই ৷ শুভমন গীলে 49 টা বলত 34 ৰাণ আৰু সূৰ্যকুমাৰ যাদৱে 25 টা বলত 24 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ইফালে অধিনায়ক হাৰ্ডিক পাণ্ডিয়াকে ধৰি দলৰ আন বেটছমেন সকল চূড়ান্তভাৱে ব্যৰ্থ হয় ৷ ৰবীন্দ্ৰ জাডেজা (10) আৰু শ্বাৰ্দুল ঠাকুৰ (16)ৰ বাহিৰে বাকী সকল খেলুৱৈয়ে দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ কৰিবলৈ সক্ষম ন’হল ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ম’টি আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডে 3টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷