অসম

assam

ETV Bharat / sports

আমেৰিকাৰ পৰা টকিঅ'লৈ ৰাওনা ভাৰতৰ ভোৰোত্তলক মীৰাবাই চানু - কমনৱেলথ গেমছ

টকিঅ' অলিম্পিকলৈ ৰাওনা হৈছে ভাৰতৰ ভাৰোত্তোলক (Weightlifter) চাইখোম মীৰাবাই চানু । মীৰাবাইয়ে ৰাষ্ট্ৰীয় প্ৰশিক্ষক বিজয় শৰ্মা আৰু সহকাৰী প্ৰশিক্ষক সন্দীপ কুমাৰৰ তত্বৱধানত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০ দিনীয়া প্ৰশিক্ষণ লৈছে ।

Tokyo 2020
আমেৰিকাৰ পৰা টকিঅ'লৈ ৰাওনা ভাৰতৰ Weightlifter মীৰাবাই চানু

By

Published : Jul 16, 2021, 2:12 PM IST

স্পৰ্টছ ডেস্ক, ১৬ জুলাই :২৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টকিঅ' অলিম্পিকলৈ (Tokyo Olympic) ৰাওনা হৈছে ভাৰতৰ ভাৰোত্তোলক (Weightlifter) চাইখোম মীৰাবাই চানু (Saikhom Mirabai Chanu) । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেইণ্ট লুইচত তেওঁৰ অন্তিম প্ৰস্তুতিৰ পাছতে টকিঅ'লৈ ৰাওনা হৈছে । মীৰাবাইয়ে ৰাষ্ট্ৰীয় প্ৰশিক্ষক বিজয় শৰ্মা (Vijay Sharma) আৰু সহকাৰী প্ৰশিক্ষক সন্দীপ কুমাৰৰ (Sandip Kumar) তত্বাৱধানত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০ দিনীয়া প্ৰশিক্ষণ লৈছে । চাইখোম মীৰাবাই চানুৰ এই প্ৰশিক্ষণৰ লক্ষ্য হৈছে অলিম্পিকত পদক লাভ কৰা ।

যোৱা বছৰ শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক ড৹ এৰ'ন হৰ্চিগৰ অধীনত দুমাহ প্ৰশিক্ষণ লোৱাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত এইটো তেওঁৰ দ্বিতীয়টো প্ৰশিক্ষণ আছিল । তেওঁৰ তলপিঠি আৰু কান্ধৰ সমস্যাবোৰ যোৱাবাৰৰ প্ৰশিক্ষণত সমাধান কৰা হৈছিল । ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলকগৰাকীৰ সৈতে তেওঁৰ প্ৰশিক্ষক বিজয় শৰ্মা, সন্দীপ কুমাৰ আৰু প্ৰমোদ শৰ্মাৰ লগতে ফিজিঅ'থেৰাপিষ্ট আলাপ জাভড়েকাৰো ৰাওনা হৈছে টকিঅ'লৈ ।

টকিঅ' অলিম্পিকৰ (Tokyo Olympic) দৰে বিশাল মঞ্চত চানুৰ দ্বিতীয় উপস্থিতি হ'ব কিয়নো তেওঁ ইয়াৰ পূৰ্বে মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত ২০১৬ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । অৱশ্যে, তেওঁ এই প্ৰতিযোগিতা সমাপ্ত কৰাত ব্যৰ্থ হৈছিল কিয়নো তেওঁ ক্লিন এণ্ড জাৰ্ক (clean & jerk) শাখাত তেওঁৰ তিনিটা প্ৰচেষ্টাৰ এটাত ওজন উঠোৱাত ব্যৰ্থ হৈছিল । অৱশ্যে, ২০১৭ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিএৰ এনাহেইমত অনুষ্ঠিত ২০১৭ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মুঠ ১৯৪ কিলোগ্ৰামৰ প্ৰতিযোগিতাত অভিলেখ (৮৫ কিলোগ্ৰাম স্নেচ আৰু ১০৯ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক) উত্তোলন কৰি মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

তাৰ পিছত তেওঁ ২০১৮ৰ কমনৱেলথ গেমছত স্বৰ্ণ আৰু ২০১৯ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৯ কিলোগ্ৰাম শাখাত ক্লিন এণ্ড জাৰ্কত ব্ৰঞ্জৰ পদক লাভ কৰে । মীৰাবাইয়ে এইবাৰ সকলো অভিলেখ ভংগ কৰি টকিঅ' অলিম্পিকত (Tokyo Olympic) দেশৰ বাবে এটা পদক লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :৭ গৰাকী মল্লযোদ্ধাৰে টকিঅ' অলিম্পিকলৈ যাত্ৰা ভাৰতৰ

ABOUT THE AUTHOR

...view details