স্পৰ্টছ ডেস্ক, ২৪ নৱেম্বৰ :অঘটনেৰে আৰম্ভ হৈছে এইবাৰৰ ফিফা বিশ্বকাপ (FIFA World Cup 2022) । ইকুৱেডৰৰ হাতত আয়োজক কাটাৰৰ পৰাজয়, চৌডি আৰবৰ হাতত আৰ্জেণ্টিনাৰ পৰাজয় তথা জাপানৰ হাতত পূৰ্বৰ চেম্পিয়ন জাৰ্মানীয়ে পৰাজয়বৰণ কৰাটো এইবাৰৰ বিশ্বকাপৰ অন্যতম ওলট-পালট (Qatar World Cup Football) । তাৰ মাজতে স্পেইনে কোষ্টা ৰিকাক ৭-০ বৃহৎ ব্যৱধানত পৰাস্ত কৰে (Spain flying start 2022 World Cup campaign) ।
এই জয়ৰ পিছত স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে (Spain coach Luis Enrique) এই কথা জোৰ দি কৈছে যে বুধবাৰে কোষ্টা ৰিকাৰ বিৰুদ্ধে তেওঁৰ দলৰ ৭-০ গ'লৰ বিজয়ে দেওবাৰে জাৰ্মানীৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা তেওঁলোকৰ পৰৱৰ্তী খেলৰ প্ৰস্তুতিত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে । উল্লেখ্য, স্পেইনে তেওঁলোকৰ ২০২২ চনৰ বিশ্বকাপ অভিযানৰ এক দূৰন্ত আৰম্ভণি কৰিছে । কিন্তু বুধবাৰে জাপানৰ হাতত অবিশ্বাস্যভাৱে ২-১ গ'লত পৰাজয়বৰণ কৰিবলগা হোৱা জাৰ্মানীয়ে পৰৱৰ্তী মেচত প্ৰবল আত্মবিশ্বাসী হৈ থকা প্ৰতিদ্বন্দ্বী দল স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । কিন্তু জাৰ্মানীৰ বাবে এই মেচখন হৈছে অস্তিত্ব ৰক্ষাৰ যুঁজ । কিয়নো জাৰ্মানীৰ বাবে আন এটা পৰাজয়ৰ অৰ্থ হৈছে প্ৰতিযোগিতাৰ পৰা বাহিৰ ওলোৱা । আনহাতে, জাৰ্মানীৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে স্পেইনৰ প্ৰশিক্ষক এনৰিকে ।
"মই জানো যে দলটোৱে মেচখনত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰিব নোৱাৰে । আমি জাৰ্মানীৰ সৈতে খেলিবলৈ গৈ আছোঁ আৰু আমি একেটা কৰিবলৈ চেষ্টা কৰিম । আমি সদায় একেধৰণে খেল খেলিবলৈ চেষ্টা কৰিম ।" ছিনহুয়াৰ এক প্ৰতিবেদনত তেওঁৰ এই উদ্ধৃতি দিয়া হৈছে । এনৰিকে লগতে কয়, "মোৰ কোনো সন্দেহ নাই যে আমাৰ তীব্ৰতা হয়তো আৰু অধিক হ'ব । কিয়নো জাৰ্মানী হৈছে এনে এক পক্ষ যিয়ে আমাক অনুপ্ৰাণিত কৰে ।"