অসম

assam

ETV Bharat / sports

Tehri Water Sports: আজিৰ পৰা তেহৰি বান্ধ হ্ৰদত ৱাটাৰ স্পৰ্টছ কাপ - তেহৰি বান্ধ

আজিৰ পৰা চাৰিদিনীয়া ৱাটাৰ স্পৰ্টছ কাপ প্ৰতিযোগিতা আৰম্ভ ৷ এছিয়াৰ সৰ্বোচ্চ তেহৰি বান্ধৰ হ্ৰদত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ 28 খন ৰাজ্যৰ 400 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে উক্ত প্ৰতিযোগিতাত ৷

Tehri Water Sports
আজিৰ পৰা আৰম্ভ হ’ব তেহৰি বান্ধ হ্ৰদত ৱাটাৰ স্পৰ্টছ কাপ

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 11:24 AM IST

নিউজ ডেস্ক,14 ছেপ্টেম্বৰ : আজিৰ পৰা ৱাটাৰ স্পৰ্টছ কাপ-2023 আৰম্ভ হ’ব ৷ 14 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈকে তেহৰি হ্ৰদত অনুষ্ঠিত হ’ব ৱাটাৰ স্পৰ্টছ কাপ ৷ এছিয়াৰ সৰ্ববৃহৎ নদী বান্ধৰ সমীপত প্ৰথমবাৰৰ বাবে তেহৰি হ্ৰদত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ এই সন্দৰ্ভত তেহৰি বান্ধ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক এল পি যোশীয়ে কয় যে, যোৱা বছৰ ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰীয়ে তেহৰি হ্ৰদত এখন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল । ফলত চাৰিদিনীয়াকৈ ৱাটাৰ স্পৰ্টছ কাপ আজিৰ পৰা আৰম্ভ হ’ব ৷

তেহৰি বান্ধ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক যোশীয়ে জনোৱা অনুসৰি এই প্ৰতিযোগিতাত 28 খন ৰাজ্যৰ 450 জন খেলুৱৈ অংশগ্ৰহণ কৰিব ৷ এই প্ৰতিযোগিতাৰ যোগেদি আগন্তুক দিনত গোৱাত অনুষ্ঠিত হ’ব লগীয়া 37 সংখ্যক অপেন ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে চিনিয়ৰ শাখাৰ পুৰুষ আৰু মহিলা খেলুৱৈসকলক বাছনি কৰা হ’ব ।

উক্ত প্ৰতিযোগিতাত উত্তৰাখণ্ডৰ যুৱসকলৰ বাবে 10 শতাংশ সংৰক্ষণ ৰখা হৈছে ৷ লগতে এই প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰা হ'ব বুলি উল্লেখ কৰে তেহৰি বান্ধ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালকে ৷

‘‘আমি 9 খনতকৈও অধিক ৰাজ্যক বিদ্যুৎ প্ৰদান কৰি আছো । আমি দিল্লীলৈ পানী যোগান ধৰি আছো । এই ক্ষেত্ৰত আমাৰ লক্ষ্য আছিল যে স্থানীয় যুৱকসকলক জড়িত কৰোৱাৰ ৷ যাৰ বাবে আমি ৱাটাৰ স্পৰ্টছ কাপ আয়োজন কৰা হৈছে ।’’ এই মন্তব্য তেহৰি বান্ধ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক এল পি যোশীৰ ৷

লগতে পঢ়ক:Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

ABOUT THE AUTHOR

...view details