স্পৰ্টছ ডেস্ক, 15 জুনঃ এছিয়ান খেলত ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় সাঁতোৰবিদ ভীৰধাৱল খাদেৰ বিস্ফোৰক মন্তব্য । দেশত যদি চুইমিং পুলৰ সুবিধা বন্ধ হৈ থাকে তেন্তে ভৱিষ্যতে সন্ন্যাস লোৱাৰ কথা চিন্তা কৰিব লাগিব বুলি কয় খেলুৱৈগৰাকীয়ে ।
বৰ্তমানে দেশত অন্য়ান্য খেলৰ সা-সুবিধা সমূহ উপলব্ধ কৰোৱা হৈছে যদিও এতিয়াও চুইমিং পুলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আছে । খেলুৱৈগৰাকীয়ে এই সন্দৰ্ভত টুইট কৰি চুইমিংপুলৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে । টুইটাৰত প্ৰদান কৰা টুইটটো ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুকো টেগ কৰে খেলুৱৈগৰাকীয়ে ।
এই টুইটত খেলুৱৈগৰাকীয়ে লিখিছিল, সাঁতোৰৰ পৰা সন্ন্যাসৰ কথা চিন্তা কৰিব লাগিব । সাঁতোৰ পুনৰ আৰম্ভ হোৱাক লৈ একো বাতৰি লাভ কৰা নাই, কোনো ধৰণৰ যোগাযোগ নাই । আশা কৰিছো সাঁতোৰকো অন্যান্য খেলৰ দৰে ধৰা হ'ব।