স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগতে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে জাপানক অলিম্পিকক বৃহৎ প্ৰত্যাহ্বান হিচাপে গণ্য কৰিছে ৷ সোমবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত বিনেশে মন্তব্য কৰে,"শেহতীয়াকৈ মই ৱেইট শাখাৰ সালসলনি ঘটাইছো ৷ সেয়েহে প্ৰতিযোগিতাসমূহ কষ্টকৰ হৈ পৰিছে ৷ মই সফল হ'ম নে নহ'ম নাজানো কিন্তু মই 100 শতাংশ চেষ্টা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ ৷ ইয়াৰ ফলতেই মই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'লো ৷"
জাপান ট'কিঅ' অলিম্পিকৰ বৃহৎ প্ৰত্যাহ্বান,বিনেশ ফোগত - ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগত
ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগতে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে জাপানক অলিম্পিকক বৃহৎ প্ৰত্যাহ্বান হিচাপে গণ্য কৰিছে ৷ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত গ্ৰীছৰ মাৰিয়া প্ৰিভোলাৰিকিক 4-1 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল বিনেশ ফোগতে ৷
বিনেশ ফোগত
লগতে তেওঁ কয়, "53 কে.জি. শাখাত সকলো খেলুৱৈয়ে শক্তিশালী আৰু জাপানক তেওঁলোকৰ দেশতে পৰাস্ত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান ৷"
উল্লেখ্য যে, সদ্যসমাপ্ত বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত গ্ৰীছৰ মাৰিয়া প্ৰিভোলাৰিকিক 4-1 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল বিনেশ ফোগতে ৷