অসম

assam

ETV Bharat / sports

অলিম্পিকলৈ যোগ্যতা অৰ্জন বিনেশ ফোগতৰ - 53 কে. জি. শাখাত যোগ্যতা অৰ্জন

ট'কিঅ' অলিম্পিকছ, 2020 ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগতে ৷ ইয়াৰ জৰিয়তে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে বিনেশ ৷

ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগত

By

Published : Sep 18, 2019, 5:02 PM IST

স্পৰ্টছ ডেস্ক, 18 ছেপ্তেম্বৰ : ট'কিঅ' অলিম্পিকছ, 2020 ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগতে ৷ ইয়াৰ জৰিয়তে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে বিনেশ ৷ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ছাৰাহ এন হিল্দাৰবেন্ডটৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ পাছতে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে বিনেশে ৷ ছাৰাহক 8 - 2 ছেটত পৰাস্ত কৰি বিনেশে অলিম্পিকৰ 53 কে. জি. শাখাত যোগ্যতা অৰ্জন কৰে ৷ ইয়াৰ পাছতে বিনেশে ব্ৰঞ্জ পদকৰ বাবে গ্ৰীছৰ মাৰিয়া প্ৰিভোলাৰাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

বিনেশ ফোগতৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন

উল্লেখ্য যে, বিনেশ ফোগতে কমনৱেলথ গেমছ, 2014 আৰু 2018 ত ক্ৰমান্বয়ে স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাছতে এছিয়ান গেমছ, 2018 ত 50 কে.জি. শাখাত স্বৰ্ণ জয় কৰিছিল তাৰকা এথলীটগৰাকীয়ে ৷

বিনেশ ফোগতৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন

ABOUT THE AUTHOR

...view details