স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ : অলিম্পিক, 2016 ৰ ব্ৰঞ্জ মেডেলিষ্ট ছফিয়া মেটছনক বিধস্ত কৰি বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে বিনেশ ফোগতে ৷ 53 কে. জি. শাখাত ভাৰতীয় মল্লযুঁজাৰু গৰাকীয়ে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই 13-0 ব্যৱধানত পৰাস্ত কৰে মেটছনক ৷ ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেটছনক যোৱা মাহত পোলেণ্ড অ'পেনতো বিনেশে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷
মেটছনক বিধস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ বিনেশ ফোগতৰ - 13-0 ব্যৱধানত পৰাস্ত কৰে মেটছনক
অলিম্পিক, 2016 ৰ ব্ৰঞ্জ মেডেলিষ্ট ছফিয়া মেটছনক বিধস্ত কৰি বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে বিনেশ ফোগতে ৷ 53 কে. জি. শাখাত ভাৰতীয় মল্লযুঁজাৰু গৰাকীয়ে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই 13-0 ব্যৱধানত পৰাস্ত কৰে মেটছনক ৷
মেটছনক বিধস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ বিনেশ ফোগতৰ
এছিয়ান গেমছৰ স্বৰ্ণজয়ী ভাৰতীয় খেলুৱৈগৰাকীয়ে মেচৰ আৰম্ভণিতে 4-0 ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে কোনো সুযোগ প্ৰদান নকৰি বিনেশে মেটছনক মেটৰ পৰা বাহিৰ কৰি পঠিয়াই আৰু 13-0 ব্যৱধান জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগতে দুবাৰৰ বিশ্ব চেম্পিয়ন তথা জাপানৰ মল্লযুঁজাৰু মায়ু মুকাইডাৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ৷