অসম

assam

ETV Bharat / sports

দেশৰ বিভিন্ন বিষয়ত মাত মতাৰ দৰকাৰ খেলুৱৈসকলে : বিজেন্দৰ সিং - বিশ্ব খিতাপ জয়ৰ সপোন বিজেন্দৰৰ

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি উদিগ্ন হৈ বক্সাৰ বিজেন্দৰ সিঙৰ প্ৰতিক্ৰিয়া ৷ দেশৰ বিভিন্ন বিষয়-বস্তুৰ ওপৰত সাৰ্বজননী ভাৱে খেলুৱৈসকলে মাত-মাতিব লাগে বুলি মন্তব্য কৰে বিজেন্দৰ সিঙে ৷

দেশৰ বিভিন্ন বিষয়ত মাত মতাৰ দৰকাৰ খেলুৱৈসকলে : বিজেন্দৰ সিং
দেশৰ বিভিন্ন বিষয়ত মাত মতাৰ দৰকাৰ খেলুৱৈসকলে : বিজেন্দৰ সিং

By

Published : Jan 3, 2020, 9:25 AM IST

স্পৰ্টছ ডেস্ক, 3 জানুৱাৰীঃ ৰাজনীতিৰ পথাৰত নিজৰ নতুন কেৰিয়াৰৰ অধ্যায় আৰম্ভ কৰা ভাৰতীয় বক্সাৰ বিজেন্দৰ সিঙৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মন্তব্য ৷ বিজেন্দৰ সিঙে ক’লে- মই অনুভৱ কৰো যে, খেলুৱৈসকলে মাত মাতিব লাগে ৷ এটা পৰ্যায়ত আমি একো একোজন প্ৰতিনিধি আৰু আমাৰ কন্ঠৰ মহত্ব আছে ৷ এনে হ’ব নালাগে যে, আমি কেৱল টকা লাভ কৰিলেই মুখ খুলিম ৷ দেশৰ নাগৰিক তথা অনুৰাগীয়ে বিচাৰে যে তেওঁলোকৰ নায়কে সাৰ্বজনীন ভাৱে মাত মাতক আৰু এইটো কোনো বেয়া কথা নহয় বুলি কয় বিজেন্দৰে ৷

বিশ্ব অলিম্পিকত প্ৰথম পদক লাভ কৰা ভাৰতৰ বক্সাৰগৰাকীয়ে পেচাগত বক্সিঙত 12-0 ৰ অভিলেখ ৰচিবলৈ সক্ষম হৈছে ৷ তেওঁ লগতে কেৰিয়াৰৰ বিষয়ে কয়, তেওঁৰ লক্ষ্য এতিয়া বিশ্ব খিতাপ জয় কৰাৰ ৷ মই এই বৰ্ষত তিনি-চাৰিখন মেচত অৱতীৰ্ণ হ’ম ৷ তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ মেচখন হ’ব বিশ্ব খিতাপ ৷

ABOUT THE AUTHOR

...view details