অসম

assam

ETV Bharat / sports

মাইক স্নাইডাৰৰ বিৰুদ্ধে অভিষেক ঘটাব বিজেন্দৰে - অভিষেক ঘটাব

আমেৰিকাৰ পেশাদাৰী বক্সিঙত অভিষেক ঘটাব বক্সাৰ বিজেন্দৰ সিঙে । অহা মাহৰ ১৩ জুলাইত নিউ জাৰ্ছীত মাইক স্নাইডাৰৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব মেচখন ।

মাইক স্নাইডাৰৰ বিৰুদ্ধে অভিষেক ঘটাব বিজেন্দৰে

By

Published : Jun 28, 2019, 2:30 PM IST

স্পৰ্টছ ডেস্ক, ২৮ জুন : আঘাতপ্ৰাপ্ত হৈ ৰিঙৰ পৰা বহুদিন বাহিৰত থকা ভাৰতীয় বক্সাৰ বিজেন্দৰ সিঙে অহা মাহৰ ১৩ জুলাইত আমেৰিকাৰ পেশাদাৰী বক্সিঙত অভিষেক ঘটাব । নিউ জাৰ্ছীত অনুষ্ঠিত হ'ব লগা মেচত বিজেন্দৰে স্থানীয় বক্সাৰ মাইক স্নাইডাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । শেহতীয়া ১০ খনকৈ খেলত অপৰাজিত হৈ থকা ৩৩ বৰ্ষীয় ভাৰতীয় বক্সাৰ গৰাকীয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহতে প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে অভিষেক ঘটাব নোৱাৰিলে ।

মাইক স্নাইডাৰৰ বিৰুদ্ধে অভিষেক ঘটাব বিজেন্দৰে

উল্লেখ্য যে, আঘাতৰ বাবে বক্সিং ৰিঙৰ পৰা আঁতৰত থকা বিজেন্দৰে কংগ্ৰেছৰ হৈ লোকসভা নিৰ্বাচনত দক্ষিণ দিল্লীৰ পৰা প্ৰাৰ্থিত্ব কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল ।

ABOUT THE AUTHOR

...view details