নিউজ ডেস্ক, 26 মাৰ্চ: ভাৰতীয় বক্সিং তাৰকা বিজেন্দৰ সিঙৰ বহু প্ৰতিক্ষীত ইউ এছ প্ৰ'ত আত্মপ্ৰকাশত চেঁচা পানী পৰিল ৷ এপ্ৰিলৰ 12 তাৰিখে প্ৰথমখন খেলৰ জৰিয়তে পেশাদাৰী বক্সিঙৰ কেৰিয়াৰ আৰম্ভ কৰিবলগা বক্সাৰজনে লছ এঞ্জেলছত সোমবাৰে অনুশীলন চলাই থাকোতে আঘাতপ্ৰাপ্ত হয় ৷ বক্সিং জগতত ভাৰতৰ হৈ অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপ পদক লাভ কৰা প্ৰথম খেলুৱৈ বিজেন্দৰ ৷
আঘাতপ্ৰাপ্ত বিজেন্দৰৰ ইউ এছ প্ৰ'ত আত্মপ্ৰকাশত বাধা - ETV BHARAT
অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এপ্ৰিলৰ 12 তাৰিখৰ ইউ এছ প্ৰ'ত আত্মপ্ৰকাশত বাধা আহি পৰিছে ভাৰতীয় বক্সিং তাৰকা বিজেন্দৰ সিঙৰ

VIJENDER SINGH
33 বৰ্ষীয় খেলুৱৈজনে টুইটাৰৰ জৰিয়তে জনায় যে, তেওঁৰ অনুৰাগী সকলৰ বাবে এক বেয়া খবৰ আছে যে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে 12 এপ্ৰিলৰ যুঁজত তেওঁ অৱতীৰ্ণ হ'ব নোৱাৰিব ৷ জীৱন যুঁজত কাঁইটীয়া পথেৰে আগবাঢ়ি যাব লাগিব আৰু এই ক্ষেত্ৰত কেতিয়াও হাৰ নামানো বুলি টুইটাৰত লিখে তাৰকা খেলুৱৈজনে ৷