অসম

assam

ETV Bharat / sports

ৰছী, টায়াৰেৰে চলাই আছো অনুশীলনঃ সতীশ কুমাৰ - INDIAN BOXER

লক্ ডাউনৰ অন্তৰ পাচত অনুশীলন, সম্ভাৱনীয় অনুষ্ঠিত হ'বলগীয়া টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় বক্সাৰ সংঘৰ প্ৰশিক্ষক গোট, টাৰ্গেট অলিম্পিক প'ডিয়াম স্কীমৰ সৈতে হোৱা বাৰ্তালাপত কোনো ধৰণৰ তথ্য লাভ নকৰাৰ কথা উল্লেখ কৰে সতীশ কুমাৰে ।

using ropes and tires been more than a month since proper training satish kumar
using ropes and tires been more than a month since proper training satish kumar

By

Published : May 7, 2020, 4:38 PM IST

স্পৰ্টছ ডেস্ক, ৭ মে': প্ৰায় এক দশক ধৰি বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে ভাৰতীয় বক্সাৰ সতীশ কুমাৰে । চুপাৰ হেভিৱেট শাখাত প্ৰতিনিধিত্ব দি আহিছে খেলুৱৈগৰাকীয়ে । ২০১৬ ৰ ৰিঅ' অলিম্পিকত স্থান সুনিশ্চিত কৰিবলৈ সক্ষম নোহোৱা সতীশে মাৰ্চ মাহত ৯১ কিল'গ্ৰাম শাখাত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

খেলুৱৈগৰাকীয়ে এটা সংবাদ এজেঞ্চিক দিয়া বক্তব্যত কৈছিল, মই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি যথেষ্ট আনন্দ উপভোগ কৰিছো । মই অধিক সুখী কাৰণ এই শাখাত যোগ্য়তা অৰ্জন কৰা মই প্ৰথম ভাৰতীয় । মই এই অনুভৱ ব্যক্ত কৰিব নোৱাৰো । এই পৰ্যায়ত উপনীত হোৱা আৰু অলিম্পিকত পদক লাভ কৰা সকলোৰে সপোন থাকে । মোৰ বাবেই এইটো এনেকুৱাই । যোগ্যতা অৰ্জন কৰিলো এতিয়া মোৰ লক্ষ্য পদক জয় কৰাৰ ।

কিন্তু বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা COVID-১৯ ৰ ফলতেই ইতিমধ্য়ে অহা বৰ্ষলৈ স্থগিত কৰা হৈছে টকিঅ' অলিম্পিক । যাৰ বাবে এতিয়া ঘৰতে অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে । ঘৰতে যি সামগ্ৰী উপলব্ধ সেই সমূহৰে অনুশীলন কৰিছে বক্সাৰগৰাকীয়ে । অৱশ্যে অনুশীলন কেম্পৰ দৰে এই সমূহ উপযুক্ত নহয় বুলি কয় সতীশে ।

সতীশে কয়, কেম্পত যি ১০০ শতাংশ অনুশীলন কৰিব পৰা যায় সেইয়া ঘৰত সম্ভৱ নহয় । ঘৰত যি সামগ্ৰী আছে তাৰে কেৱল ৬০-৭০ শতাংশ হে অনুশীলন কৰিবলৈ পাৰি । বৰ্তমানলৈকে একো সঠিক হোৱা নাই । ভাৰতীয় বক্সিং ফেডাৰেচনে পৰিকল্পনা তৈয়াৰ কৰিছে অনুশীলনৰ বাবে ক'ত যাব লাগিব । কিন্তু লক্ ডাউন শেষ নোহোৱা পৰ্যন্ত কোনো নিৰ্ধাৰণ কৰা হোৱা নাই ।

এতিয়া সেইখিনি অনুশীলন কৰি আছো যিবোৰ প্ৰশিক্ষকে মোক কৰিবলৈ কৈছে । প্ৰত্যেক দিনাই বেলেগ-বেলেগ অনুশীলনৰ কাৰ্যক্ৰম থাকে । জীম নথকাৰ বাবে ৰছী, টায়াৰ ইত্যাদিৰে ঘৰতে অনুশীলন কৰিছো বুলি উল্লেখ কৰে বক্সাৰগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details