গুৱাহাটী, 10 জানুৱাৰী : খেলো ইণ্ডিয়া যুৱ খেল, 2020 ত অসমৰ হৈ প্ৰথমটো পদক দখল কৰিছে জিমনাষ্ট উপাসা তালুকদাৰে ৷ উদ্বোধনীৰ দিনাই উপাসাই 17 বছৰ অনুৰ্দ্ধ শাখাত 34.25 পইন্ট সংগ্ৰহেৰে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ৷ এই শাখাত মহাৰাষ্ট্ৰৰ আছমি অঙ্কুশ বাডাডে আৰু শ্ৰেয়া প্ৰবীন ভাংগালেই ক্ৰমে 43.80 আৰু 40.80 পইন্ট সংগ্ৰেহেৰে স্বৰ্ণ আৰু ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷
খেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল - খেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল
খেলো ইণ্ডিয়া প্ৰতিযোগিতাত অসমৰ হৈ প্ৰথমটো পদক দখল কৰিছে জিমনাষ্ট উপাসা তালুকদাৰে ৷ ৰিডমিক জিমনাষ্টিকৰ 17 বছৰ অনুৰ্দ্ধ শাখাত 34.25 পইন্ট সংগ্ৰহেৰে পদক দখল কৰে উপাসাই ৷
জিমনাষ্ট উপাসা তালুকদাৰ
উল্লেখ্য যে, You Tubeৰ জৰিয়তে ৰাছিয়ান আৰু ইউক্ৰেনিয়ান জিমনাষ্ট সকলৰ ভিডিঅ' চাই উপাসাই প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে৷ ৰিডমিক জিমনাষ্ট প্ৰশিক্ষণৰ বাবে উত্তৰ-পূৱ ভাৰতত প্ৰশিক্ষকৰ অভাৱ বাবেই You Tubeৰ জৰিয়তে জিমনাষ্টিকৰ বিভিন্ন ভংগীমাবোৰ শিকি আহিছে উপাসাই ৷
আৰু পঢ়ক : খেল’ ইণ্ডিয়া: কাবাডীত ধৰাশায়ী অসম