স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ কেৱল ভাৰত, এছিয়াতে নহয় বিশ্বব্যাপী কাবাডীৰ এক বিপুল সম্ভাৱনা আছে । বৰ্তমান এই খেলবিধক অলিম্পিকত অন্তুৰ্ভুক্ত কৰোৱাই হৈছে চূড়ান্ত লক্ষ্য । সোমবাৰে এই কথা উল্লেখ কৰিছে দেশৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ।
ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে লগতে কয়, এছিয়া গেমছত ইতিমধ্যে কাবাডীক অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়া অকল ভাৰতেই নহয়, এছিয়াৰ ভিন্ন দেশেও একেলগে লগ হৈ কাবাডীক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়োজন । আমাৰ এইটোৱে বৰ্তমান চূড়ান্ত লক্ষ্য । অৱশ্যে এই লক্ষ্যত উপনীত হ'বলৈ আমি ভাৰতত এই খেলৰ মানদণ্ড উচ্চ কৰাৰ লগতে ভাৰতৰ, বিশ্বৰ বিভিন্ন প্ৰান্তত এই খেলৰ প্ৰচাৰ কৰিব লাগিব বুলিও কয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা ২০ টা খেলৰ ওপৰত অনুষ্ঠিত কৰা অনলাইন প্ৰশিক্ষক জ্ঞান বৃদ্ধি অধিৱেশনত কোৰিয়া, মালয়েছিয়া সহিতে দেশ-বিদেশৰ প্ৰায় ৭০০ কাবাডী প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই অধিৱেশনত এই কথা উল্লেখ কৰিছে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।
কাবাডীক অলিম্পিকত সংযোজিত কৰাই হৈছে চূড়ান্ত লক্ষ্য : কিৰেণ ৰিজিজু লগতে অনলাইন কৰ্মশালা সন্দৰ্ভতো মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, বৰ্তমান কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে সকলো ক্ৰীড়া কাৰ্য-কলাপ বন্ধ হৈ পৰিছে । আমি আশাবাদী অতি সোনকালেই খেলপথাৰত গৈ পুনৰ অনুশীলন, খেলিবলৈ আমি সক্ষম হ'ম । কিন্তু তেতিয়ালৈ আমি প্ৰযুক্তিৰ সুবিধা আদায় কৰাৰ প্ৰয়োজন ।
অনলাইন কৰ্মশালাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । নীতি-নিয়ম, আইন সমূহ সঘনাই সলনি হৈ থাকে । যদিহে সময় মতে নিজকে আপডেট কৰা নায়ায় তেন্তে পিচ পৰি ৰোৱা যায় । আমি পশ্চিমীয়া দেশৰ সৈতে ফেৰ মাৰিবলৈ সমৰ্থ নহও কাৰণ নিয়ম, জ্ঞানৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগবঢ়া । কিন্তু মই নিশ্চিত যে, এনে ধৰণৰ অনুষ্ঠানৰ দ্বাৰা আমি পিছ পৰি নৰও ।
এই কৰ্মশালা আয়োজনৰ বাবে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, ক্ৰীড়া মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনক ধন্যবাদ জ্ঞাপন কৰে । প্ৰতিদিনে ২০ টাকৈ ক্ৰীড়া বিভাগৰ প্ৰায় ৮০০০ হাজাৰ প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে এই অনলাইন কৰ্মশালাত ।