নিউজ ডেস্ক,31 আগষ্ট:পেৰা অলিম্পিকত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ সফলতাৰ ধাৰা ৷ মঙলবাৰে দিনটোত পুৰুষৰ হাই জাঁপ টি-42 প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন মাৰিয়াপ্পান থাংগেভেলু আৰু শাৰদ কুমাৰে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৰ পদকৰ সংখ্যা 10 টালৈ বৃদ্ধি পালে ৷ উক্ত প্ৰতিযোগিতাত মাৰিয়াপ্পানে 1.86 মিটাৰ উচ্চতাৰ জাঁপ মৰাৰ বিপৰীতে আমেৰিকাৰ সোণৰ পদক বিজয়ী ছেম গ্ৰুৱে 1.88 মিটাৰ উচ্চতাৰ জাঁপ মাৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে শাৰদ কুমাৰে 1.83 মিটাৰ উচ্চতাৰ জাঁপেৰে ব্ৰঞ্জৰ পদক দখল কৰে ৷ ইফালে খেলপথাৰত নমা তৃতীয় গৰাকী ভাৰতীয় খেলুৱৈ তথা 2016 বৰ্ষৰ ৰিঅ' পেৰালিম্পিকৰ ব্ৰঞ্জ বিজয়ী বৰুণ সিং ভাটি সৰ্বমুঠ 9 জন প্ৰতিযোগীৰ ভিতৰত সপ্তম স্থানতে সন্তুষ্ট থাকে ৷ কিয়নো খেলুৱৈ গৰাকীয়ে 1.77 মিটাৰ উচ্চতাৰ জাঁপ সম্পূৰ্ণ কৰাত ব্যৰ্থ হয় ৷