অসম

assam

ETV Bharat / sports

Tokyo Paralympics : কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অৰুণা তানৱাৰ

আন এগৰাকী ভাৰতীয়ই সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে টকিঅ' পেৰালিম্পিকৰ মঞ্চত । টাইকোৱাণ্ডো খেলুৱৈ অৰুণা তানৱাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে আন এক পদকৰ আশা মুকলি হৈছে ভাৰতৰ ।

Tokyo Paralympics
কোৱাৰ্টাৰ ফাইনেল খেলিব ভাৰতৰ অৰুণা তানৱাৰে

By

Published : Sep 2, 2021, 10:00 AM IST

স্প’ৰ্টছ ডেস্ক, ২ ছেপ্তেম্বৰ :টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰা অব্যাহত আছে । এইবাৰ টাইকোৱাণ্ডো খেলুৱৈ অৰুণা তানৱাৰে (Aruna Tanwar) প্ৰৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত । বৃহস্পতিবাৰে মহিলা ৪৪-৪৯ কিল’গ্ৰাম শাখাত ছাৰ্বিয়াৰ দানিজেলা জোভানোভিকক (Danijela Jovanovic) পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে খেলুৱৈগৰাকীয়ে ।

ছাৰ্বিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ২৯-৯ পইণ্টত জয় লাভ কৰে অৰুণাই । অৰুণা পৰৱৰ্তী ৰাউণ্ডত এথলীট লিওনোৰ এস্পিনোজা কাৰাঞ্জাৰ (Leonor Espinoza Carranza) মুখামুখি হ'ব । অৰুণাই খেলখনৰ আৰম্ভণিৰ পৰাই সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় ।

প্ৰথম ৰাউণ্ডত খেলুৱৈগৰাকীয়ে ৮-৪ পইণ্টত জয় লাভ কৰে আৰু দ্বিতীয় ৰাউণ্ডতো জয়ৰ ধাৰা অব্যাহত ৰাখে । ইফালে তৃতীয় ৰাউণ্ডতো নিজৰ আত্মবিশ্বাসৰ বলত ১৫-২ পইণ্টত জয় লাভ কৰি খেলখনত নিশ্চিত জয়ৰ ফালে আগবাঢ়ে ।

উল্লেখ্য যে, হাৰিয়ানাৰ ভিৱানী জিলাৰ ডিনোদ গাঁৱৰ পেৰা টাইকোৱাণ্ডো খেলুৱৈ অৰুণাক টকিঅ' পেৰালিম্পিক গেমছৰ বাবে ৱাইল্ড কাৰ্ড এণ্ট্ৰি প্ৰদান কৰা হয় । যাৰ ফলত ৰাষ্ট্ৰীয় ফেডাৰেশ্যনে নিশ্চিত কৰা অনুসৰি দীৰ্ঘদিনৰ অন্তত বিশ্বব্যাপী মাল্টি-পেৰা স্প'ৰ্ট ইভেণ্টত অংশগ্ৰহণ কৰা তেওঁ প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় ।

অৰুণাৰ পিতৃ নৰেশ কুমাৰ এটা ৰাসায়নিক কোম্পানীত গাড়ীচালক হিচাপে কাম কৰে । সাধাৰণ গাড়ীচালক হিচাপে কাম কৰিয়ে তিনিটা সন্তানৰ সৈতে পৰিয়ালটো পোহপাল দি আছে অৰুণাৰ পিতৃয়ে । কন্যাৰ যোগ্যতা অৰ্জনৰ লগে লগে যথেষ্ট আনন্দিত হোৱা দেখা গৈছিল নৰেশ কুমাৰক ।

লগতে পঢ়ক :Tokyo Paralympics : অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ IndiGo এয়াৰলাইনৰ

ABOUT THE AUTHOR

...view details