স্প’ৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ :পেৰালিম্পিকত স্বৰ্ণ পদকৰ তালিকাত দ্বিতীয়টো পদক যোগ কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল অৱনী লেখাৰাৰ ৷ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল SH1 ত স্বৰ্ণ জয়ৰ বিপৰীতে Mixed 10m Air Rifle Prone SH1 ৰ qualification মেছত 27 নম্বৰ স্থানতে স্তব্ধ হৈ ৰ’বলগীয়া হয় 19 বৰ্ষীয় খেলুৱৈগৰাকী ৷
অৱনীয়ে কোৱালিফায়িং ৰাউণ্ডত 629.7 পইণ্টত সীমাৱদ্ধ থাকে ৷ ইয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ পাৰ্ক জিন হোৱে 638.9 স্কোৰেৰে এক নতুন পেৰালিম্পিক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ 635.4 পইণ্টৰে তৃতীয় স্থান অৰ্জন কৰে জাৰ্মানীৰ নাটাশা হিট্ৰ’পে ৷ এই প্ৰতিযোগিতাখনিত তিনিগৰাকী ভাৰতীয়ৰ ভিতৰতে শ্ৰেষ্ঠ স্থানত আছে অৱনী ৷ ইয়াৰ বিপৰীতে আন দুগৰাকী শ্বুটাৰ ক্ৰমে সিদ্ধাৰ্থ বাবু আৰু দীপকে 40 আৰু 43 নম্বৰ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ৷