স্পৰ্টছ ডেস্ক, ৪ আগষ্ট :টকিঅ' অলিম্পিকৰ (Tokyo Olympic) আৰম্ভণিৰ ৰাউণ্ডতে পৰাজয়ৰ মুখ দেখিলে ভাৰতীয় মল্লযোদ্ধা অংশু মালিকে (Anshu Malik) । মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টত ইউৰোপীয়ন চেম্পিয়ন ইৰিনা কুৰাচকিনাৰ (Iryna Kurachkina) হাতত পৰাজিত হয় অংশু মালিক । খেলৰ প্ৰথম ভাগৰ পৰাই বেলাৰুচৰ খেলুৱৈ গৰাকীয়ে মেটত নিজৰ আধিপত্য দেখুৱাইছিল আৰু প্ৰথম পিৰিয়ডত ৪-০ পইণ্টত অগ্ৰগতি লাভ কৰিছিল ।
আনকি ভাৰতীয় মল্লযোদ্ধা অংশু মালিকক কোনো সুযোগে দিয়া নাছিল বেলাৰুচৰ তৃতীয় শ্ৰেণীৰ খেলুৱৈগৰাকীয়ে । অৱশ্যে দ্বিতীয় পিৰিয়ডত মালিকে কিছু ভাল প্ৰদৰ্শন দেখুৱাইছিল আৰু দুই পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয় । কিন্তু পিছলৈ ৮-২ পইণ্টত বেলাৰুচৰ খেলুৱৈগৰাকীয়ে আকৰ্ষণীয়ভাৱে খেল খন নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় ।