স্প’ৰ্টছ ডেস্ক, 5 আগষ্ট :টকিঅ’ অলিম্পিক (Tokyo Olympic)ত মল্লযুঁজত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ভাৰত ৷ ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰ দহিয়া(Ravi Kumar Dahiya)ই বৃহস্পতিবাৰে টকিঅ’ অলিম্পিকৰ ফাইনেলত ৰাছিয়াৰ জাভুৰ উগুয়েভ(Zavur Uguev of Russian)ৰ হাতত ৪-৭ পইন্টত পৰাস্ত হয় । ৰবি কুমাৰ সুশীল কুমাৰ (Sushil Kumar)ৰ পিছত অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মল্লযোদ্ধা । সুশীল কুমাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল ।
টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বুধবাৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভ(Nurislam Sanayev of Kazakhstan)ক পৰাস্ত কৰি ৰবি কুমাৰ দহিয়াই (Ravi Kumar Dahiya) পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰী ষ্টাইলৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ৰবি কুমাৰ দহিয়া ২০১২ চনত সুশীল কুমাৰৰ পিছত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ ৷