স্পৰ্টছ ডেস্ক, ২১ মে':টকিঅ' অলিম্পিককলৈ জল্পনা কল্পনা চলি থকাৰ মাজতে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) বিশেষ ঘোষণা । টকিঅ' অলিম্পিক গেমছ আৰম্ভ হোৱাৰ ১১ দিন আগতে ১২ জুলাইত জাপানত উপস্থিত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাখ ।
ইফালে আইঅ'চিৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশিত এখন পত্ৰত টকিঅ' গেমছৰ বাবে আইঅ'চিৰ সমন্বয় আয়োগৰ মুৰব্বী আইঅ'চিৰ উপ-সভাপতি জন কোটছে কয় যে ১৫ জুনত তেওঁ টকিঅ'ত উপস্থিত হ'ব আৰু পূৰ্বৰ পৰা থকা বিশেষ দলটোত যোগদান কৰিব । লগতে ১২ জুলাইত সভাপতি থমাছ বাখ উপস্থিত হোৱাৰ পিছতে খেলৰ সময়সূচীৰ বিচাৰ কৰা হ'ব । পত্ৰখন খেলুৱৈ, পৃষ্ঠপোষক, আইঅ'চি সদস্য, ৰাষ্ট্ৰীয় অলিম্পিক সমিতি (এনঅ'চি) আৰু আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচনসমূহলৈ সম্বোধন কৰা হৈছিল ।
কোটছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাখ , টকিঅ' ২০২০ আয়োজক সমিতিৰ সভাপতি চেইকো হাচিমোটো, টকিঅ'ৰ গভৰ্ণৰ য়ুৰিকো কইকে আৰু জাপানৰ অলিম্পিক মন্ত্ৰী তামায়ো মাৰুকাৱাৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰি কয় যে স্থগিত কৰা খেলসমূহ সুৰক্ষিত উপায়েৰে অনুসূচী অনুসৰি অনুষ্ঠিত কৰা হ'ব ।