অসম

assam

ETV Bharat / sports

খেল বাতিল কৰা কথাক অস্বীকাৰ টকিঅ' অলিম্পিকৰ CEO ৰ - টকিঅ' অলিম্পিকৰ CEO

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ অধ্যক্ষ থমাছ বেকে শেহতীয়াকৈ কৈছিল যে, যদি কৰ'ণা ভাইৰাছ আগন্তুক বৰ্ষলৈও চলি থাকে তেন্তে খেল সমূহক বাতিল কৰিবলগীয়া হ'ব পাৰে ।

tokyo olympic organizing committee ceo toshiro muto on thursday denounces cancellation claim
tokyo olympic organizing committee ceo toshiro muto on thursday denounces cancellation claim

By

Published : May 22, 2020, 5:12 PM IST

স্পৰ্টছ ডেস্ক, ২২ মে': আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ অধ্যক্ষ থমাছ বেকৰ শেহতীয়া মন্তব্যক লৈ নিন্দা প্ৰকাশ টকিঅ' অলিম্পিকৰ CEO ত'ছিৰো মুটোৰ । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ অধ্যক্ষ থমাছে শেহতীয়াকৈ কৈছিল যে, যদি কৰ'ণা ভাইৰাছৰ ফলত ২০২১ বৰ্ষতো অলিম্পিক আয়োজন কৰিব পৰা নাযায় তেন্তে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই বাতিল কৰিব প্ৰতিযোগিতা ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ অধ্যক্ষ থমাছ বেক

থমাছ বেকে এক ৱেবচাইট দিয়া মন্তব্য অনুসৰি, প্ৰত্যেক বছৰে মহাসংঘৰ ডাঙৰ ক্ৰীড়া কাৰ্যক্ৰম সমূহ সলনি কৰিব পৰা নাযায় । খেলুৱৈ সকলকো অনিশ্চয়তালৈ পেলাব নোৱাৰি । অৱশ্য়ে এইষাৰ কথা টকিঅ' অলিম্পিকৰ অধ্যক্ষ য়ুছিৰো মোৰীও উল্লেখ কৰিছিল যেতিয়া তেওঁক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল । মোৰীয়ে তেনে স্থিতিত প্ৰতিযোগিতা বাতিল হ'ব বুলি উল্লেখ কৰিছিল । অৱশ্য়ে মোৰীয়ে আগন্তুক বৰ্ষত সফলতা পূৰ্বক অলিম্পিক অনুষ্ঠিত কৰাৰ মানসিকতাৰে কাম কৰিবলৈ সকলো আহ্বান জনাইছিল ।

কিন্তু এই ক্ষেত্ৰত টকিঅ' অলিম্পিকৰ CEO মুটোই ২০২১ ত খেল বাতিল কৰাক লৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু টকিঅ' ২০২০ ৰ মতৰ মাজত সামাঞ্জস্য আছে বুলি উল্লেখ কৰে । ইয়াৰ লগতে তেওঁ দৰ্শকবিহীন ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰা প্ৰশ্নৰ উত্তৰত কয়, আমাৰ হাতত এবছৰতকৈ অধিক সময় আছে । এনে ধৰণৰ কথা এতিয়াই চৰ্চা কৰা সঠিক নহ'ব । COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া উচিত পদক্ষেপ লোৱাৰ দৰকাৰ তেনে সময়ত এনে প্ৰশ্নৰ উত্তৰ দিয়া সময় নহয় বুলি কয় মুটোৱে ।

ABOUT THE AUTHOR

...view details