২০২০ চনৰ ডিচেম্বৰত তৃতীয় কাৰ্যকাল সমাপ্ত হোৱা বিতৰ্কিত AIFFৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল পেটেলে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰৰ উদ্ধৃতি দি কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়তে সকলো বেয়াৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিলে । ২০১৭ চনৰ পৰা চলি থকা গোচৰটো, নতুন সংবিধান অনুসৰি শীৰ্ষ আদালতে নিষ্পত্তি নকৰালৈকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অস্বীকাৰ কৰি কাৰ্যকাল বৃদ্ধি কৰাৰ অনুমতি দিছিল । পেটেলে একাধিক বছৰ ধৰি সুশাসনৰ সকলো নীতি উলংঘা কৰিছিল ।
নিয়ম অনুসৰি ক্ৰীড়া সংহিতাৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ মুৰব্বীক অনুমতি দিয়া সৰ্বোচ্চ কাৰ্যকাল ১২ বছৰ । ইয়াত ৰাজ্যিক ইউনিটসমূহৰ পৰা অহা বিষয়াসকলৰ লগতে মোহন বাগানৰ প্ৰাক্তন গ’লৰক্ষক তথা বৰ্তমানৰ বিজেপি নেতা কল্যাণ চৌবেয়েও আছিল ৷ যিয়ে তাৰ পিছত হস্তক্ষেপৰ দাবীত নিজাববীয়াকৈ আদালতৰ কাষ চাপে । ভাৰতৰ 76 সংখ্যক স্বাধীনতা দিৱসৰ মাজনিশা FIFA ই AIFF ক নিলম্বন কৰাৰ লগে লগে এই নিষেধাজ্ঞাই কেনে প্ৰভাৱ পেলালে তাৰ এক বিশদ বিৱৰণ আগবঢ়োৱা হ’ল (FIFA suspends AIFF timeline) ৷
জানো আহক FIFA ই কিয় AIFF ক নিলম্বন কৰিলে, ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য কেতবোৰ তথ্য(AIFF COA timeline)-
১৮ মে’ - উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত AIFF ৰ মুৰব্বী প্ৰফুল্ল পেটেল আৰু তেওঁৰ কাৰ্যনিৰ্বাহক সমিতিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয় । ইয়াৰ উপৰিও উচ্চতম ন্যায়লয়ে প্ৰাক্তন ন্যায়াধীশ এ আৰ ডাভে, প্ৰাক্তন CEC এছ ৱাই কুৰেছি আৰু ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাস্কৰ গাংগুলীৰ নেতৃত্বত তিনিজনীয়া প্ৰশাসক সমিতি (COA) নিযুক্তি দিয়ে ।
২৩ মে’ - প্ৰফুল্ল পেটেলে FIFA ৰ মুৰব্বী জিয়ানি ইনফান্টিনোক অনুৰোধ জনায় যে, ক্ৰীড়া সংস্থাটোক প্ৰশাসক সমিতিৰ অধীনত ৰখাৰ পিছত দেশত নিষেধাজ্ঞা জাৰি কৰিব নালাগে ।
২৯ মে’ - COA ৰ সদস্য এছ ৱাই কুৰেছিয়ে কয় যে, ছেপ্টেম্বৰৰ শেষৰ ফালে AIFF ৰ এটা নতুনকৈ নিৰ্বাচিত সংস্থা স্থাপন হ’ব লাগে আৰু ১৫ জুলাইৰ ভিতৰত উচ্চতম ন্যায়লয়ৰ ওচৰত সংশোধিত সংবিধান দাখিল কৰা হ’ব ।
১১ জুন - ৰাষ্ট্ৰীয় ক্ৰীড়া সংহিতা, FIFA আৰু এ এফ চি বিধিসমূহ মানি চলি নতুন সংবিধানৰ অধীনত ৰাষ্ট্ৰীয় ফেডাৰেচনৰ দীৰ্ঘদিনীয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ আলোচনা কৰিবলৈ COA আৰু কিছুমান সংযুক্ত ইউনিটৰ সদস্যসকলৰ বৈঠক অনুষ্ঠিত হয় ।
২১ জুন - ভাৰতীয় ফুটবলৰ কাম-কাজ চলোৱা অতিথি FIFA-AFC দল আৰু COAৰ মাজত প্ৰথম ৰাউণ্ডৰ আলোচনা "ভালকৈ চলিছে" ।
২২ জুন - AIFF ৰ সদস্য ইউনিটসমূহে ভ্ৰমণকাৰী FIFA-AFC দলটোক সাক্ষাৎ কৰি তেওঁলোকক জনাই দিয়ে যে ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাটোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ "প্ৰয়োজনীয়তাৰ বাবে"।
২৩ জুন -অতিথি FIFA-AFC ৰ দলটোৱে জঞ্জাল পৰিষ্কাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰে ৷ অংশীদাৰসকলক ৩১ জুলাইৰ ভিতৰত সংবিধান অনুমোদন কৰিবলৈ কয় আৰু ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কয় ।
১৩ জুলাই - COA এ FIFA লৈ AIFF ৰ চূড়ান্ত খচৰা সংবিধান প্ৰেৰণ কৰে ।
১৬ জুলাই -COA এ AIFF ৰ সংবিধানৰ খচৰা উচ্চতম ন্যায়ালয়ত অনুমোদনৰ বাবে দাখিল কৰে ।