অসম

assam

Asian junior boxing ৰ ফাইনেলত তিনি ভাৰতীয়

ডুবাইত অনুষ্ঠিত হোৱা Asian junior boxing ৰ ফাইনেলত প্ৰৱেশ তিনি ভাৰতীয় খেলুৱৈৰ ৷

By

Published : Aug 25, 2021, 1:53 PM IST

Published : Aug 25, 2021, 1:53 PM IST

Three Indians in finals of Asian junior boxing in Dubai
Asian junior boxingৰ ফাইনেলত তিনি ভাৰতীয়

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট :Asian junior championship ফাইনেলত প্ৰেৱশ তিনি ভাৰতীয় বক্সাৰৰ ৷ যোৱা চাৰিটা ষ্টেজৰ খেলত ধাৰাবাহিক বিজয়ৰ অন্তত championship ৰ চূড়ান্ত প্ৰতিযোগিতাত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল তিনিওগৰাকী খেলুৱৈ ৷ পুৰুষৰ জুনিয়ৰৰ ফাইনেত 48 কেজি শাখাত ৰোহিত চামোলী, 81 কেজি শাখাত ভৰত জুনৰ প্ৰৱেশৰ সমান্তৰালকৈ মঙলবাৰে নিশাৰ বিজয়েৰে মহিলাৰ 46 কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে মুছকানে ৷

ভৰত জুনে কিৰ্গীস্তানৰ এমিৰ খান ৰজাপোভক 5-0 ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ৰোহিত চামোলীয়ে কিৰ্গীস্তানৰ আইদাৰ কাদিৰখানক 5-0 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ সমান্তৰালকৈ, মুছকানে কাজাগাস্তানৰ য়েল্যানুৰ তুৰ্গানোভাৰ বিপৰীতে সৰ্বসন্মত বিজয় সাব্যস্ত কৰে ৷

আনহাতে, মহিলাৰ আন কেইখন ছেমি ফাইনেলৰ 66 কেজি শাখাত সুপ্ৰিয়া ৰাৱটে সোণোৱাৰ বোজোৰবয়িভাৰ বিপৰীতে 1-4, আৰজুৱে 54 কেজি শাখাত উজবেকিস্তানৰ গুলদানা তিলেউৱাৰ্গেনৰ বিপৰীতে 2-3, দেৱীকা ঘোৰবড়েই 50 কেজি শাখাত উজবেকিস্তানৰ ছাইনী নেমাটোভিনাৰ বিপৰীতে 0-5 ত পৰাজয় বৰণ কৰে ৷

পুৰুষৰ 66 কেজি শাখাৰ ছেমি ফাইনেলত অংকুশে উজবেকিস্তানৰ ফজলিদ্দিন এৰ্কিনবোএভে 0-5 ৰ ব্যৱধানত পৰাজিত হয় ৷ এওলোক আটাইকেইগৰাকীয়ে ব্ৰঞ্জৰ পদকতে থমকি ৰ’বলগীয়া হয় ৷

উল্লেখ্য যে, প্ৰতিযোগিতাখনিৰ যুৱ শাখাত স্বৰ্ণ পদক বিজয়ী খেলুৱৈয়ে 6,000 মাৰ্কিন ডলাৰৰ প্ৰাইজমানি লাভ কৰাৰ বিপৰীতে ৰূপৰ আৰু ব্ৰঞ্জৰ পদকপ্ৰাপ্ত খেলুৱৈয়ে ক্ৰমে 3,000 আৰু 1,500 মাৰ্কিন ডলাৰৰ প্ৰাইজমানি লাভ কৰিব ৷ সমান্তৰালকৈ, জুনিয়ৰ চেম্পিয়নসকলৰ স্বৰ্ণ পদকপ্ৰাপ্ত খেলুৱৈসকলে 4,000 মাৰ্কিন ডলাৰ, ৰূপৰ পদকপ্ৰাপ্ত খেলুৱৈয়ে 2,000 মাৰ্কিন ডলাৰ আৰু ব্ৰঞ্জৰ পদকপ্ৰাপ্ত খেলুৱৈয়ে 1,000 মাৰ্কিন ডলাৰৰ প্ৰাইজমানি লাভ কৰিব ৷

লগতে পঢ়ক :ITTF Rankings : বুডাপেষ্ট জয়ৰ অন্তত বিশ্ব ৰেংকিঙৰ 20 নম্বৰত মণিকা-চাথিয়ান

ABOUT THE AUTHOR

...view details